ETV Bharat / state

কংগ্রেছৰ বিৰুদ্ধে লখিমপুৰত বিজেপিৰ প্ৰতিবাদী সমদল

ৰাজ্যজুৰি কংগ্রেছৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপি দলৰ ৷ লখিমপুৰতো বিজেপি দলে নগৰৰ মাজমজিয়াত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 3:40 PM IST

BJP Protest Against Congress in Lakhimpur
বিজেপিৰ প্ৰতিবাদ
বিজেপিৰ প্ৰতিবাদী সমদল

লখিমপুৰ, 9 ডিচেম্বৰ : শনিবাৰে ৰাজ্যজুৰি বিজেপি দলে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছ দলটোৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শনিবাৰৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিয়ে সাব্যস্ত কৰিছে এই প্ৰতিবাদ ৷ উল্লেখ্য যে, ঝাৰখণ্ডৰ কংগ্ৰেছ দলৰ এগৰাকী সাংসদৰ ঘৰৰ পৰা এক অভিযানত বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ হোৱাৰ পাছতে এনে দৰে প্ৰতিবাদমুখৰ হৈ পৰে শাসকীয় দলটো ৷

আন জিলাৰ দৰে লখিমপুৰতো বিজেপি দলে নগৰৰ মাজত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঝাৰখণ্ডৰ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ গৃহত এক অভিযানত বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ হোৱাৰ পাছতেই, কংগ্ৰেছ দলৰ দুৰ্নীতিৰ বিৰুদ্ধে আজি ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে লখিমপুৰতো শাসকীয় বিজেপি দলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লখিমপুৰত বিজেপিৰ নেতা-কৰ্মী সকলে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷

ৰাহুল গান্ধী মুৰ্দাবাদ, ৰাহুল গান্ধীৰ দুৰ্নীতি নচলিব, কংগ্ৰেছ হায় হায় আদি শ্লোগানেৰে বিজেপিৰ নেতা-কৰ্মী সকলে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰা বিজেপি নেতা-কৰ্মী সকলে কয় ৰাজ্যসভাৰ কংগ্ৰেছী সাংসদ ধীৰাজ চাহুৰ ঘৰৰ পৰা দুৰ্নীতিৰ তিনিশ কোটিৰো অধিক টকা উদ্ধাৰ হৈছে ৷ প্ৰতিবাদকাৰী সকলে লগতে "তেওঁ আচলতে ৰাহুল গান্ধীৰ চামচা বুলিও তীব্ৰ কটাক্ষ কৰে ৷

প্ৰতিবাদকাৰী সকলে কয় যে, কংগ্ৰেছ দলটো ক্ষমতাত নথকা স্বত্তেও এনেদৰে কোটি কোটি টকাৰ দুৰ্নীতি কৰি আহিছে ৷ এনে দুৰ্নীতিৰ বাবেই কংগ্ৰেছ দলক ৰাইজে ক্ষমতাৰ পৰা আতঁৰাইছিল ৷ দুৰ্নীতি আচলতে কংগ্ৰেছৰ এক সংস্কৃতি ৷ সেয়ে তেওঁলোকে দুৰ্নীতি এৰিব পৰা নাই ৷ কংগ্ৰেছ পুনৰ কেনেবাকৈ ক্ষমতালৈ আহিব লাগিলে দুৰ্নীতিত লুতুৰি-পুতুৰি হ’ব ৷ সেয়েহে ৰাইজে কংগ্ৰেছক ক্ষমতালৈ অহাত বাধা দিব লাগে বুলি কয় বিজেপিৰ প্ৰতিবাদী নেতা-কৰ্মী সকলে ৷ অন্যথা দেশৰ ৰাইজৰ টকা কংগ্ৰেছে দুৰ্নীতিৰে আত্মসাৎ কৰিব বুলি কয় তেওঁলোকে ৷ প্ৰতিবাদী সমদলত বিধায়ক মানৱ ডেকা, পৌৰপতি নিবেদিতা দত্ত আদিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : মাজুলীত কংগ্ৰেছৰ বিৰুদ্ধে BJP ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.