ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে লখিমপুৰত যুদ্ধ ঘোষণা ভূপেন বৰাৰ - ৰাজীৱ গান্ধীৰ ৭৭ সংখ্যক জন্মদিৱস

লখিমপুৰত বিজেপি দল তথা চৰকাৰ আৰু মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ ৭৭ সংখ্যক জন্মদিৱস উপলক্ষে লখিমপুৰত আয়োজিত কাৰ্যসূচীত ভাষণ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠে ৷

apcc president bhupen bora
বিজেপিৰ বিৰুদ্ধে লখিমপুৰত যুদ্ধ ঘোষণা ভূপেন বৰাৰ
author img

By

Published : Aug 20, 2021, 7:51 PM IST

লখিমপুৰ, ২০ আগষ্ট : ভয় নকৰে ভূপেন বৰাই । এখন যুঁজৰ বাবে সাজু হৈছে ভূপেন বৰা । কংগ্ৰেছ কৰ্মীসকলক এই যুঁজৰ সহযোগী হোৱাৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাৰ । বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে হ’ব কংগ্ৰেছৰ এইখন যুঁজ ।

লগতে পঢ়ক : প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম বাৰ্ষিকী...

শুকুৰবাৰে লখিমপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তীব্ৰ আক্ৰমণ কৰে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক । নায়কে নায়কৰ প্ৰতি সন্মান জনাব নাজেনে বুলি ক্ষোভ প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীক সমালোচনা কৰি ভূপেন বৰাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এগৰাকী প্ৰয়াত মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নাম নোহোৱা কৰিব খুজিছে । বৰ্তমান ৰাজ্যৰ পৰিস্থিতি অৰাজক হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ লগত আন মন্ত্ৰীৰ কথা বার্তাৰ মিল নাই ।

বিজেপিৰ বিৰুদ্ধে লখিমপুৰত যুদ্ধ ঘোষণা ভূপেন বৰাৰ

শংকৰ-মাধৱ, ভূপেন হাজৰিকা অথবা কলাগুৰুক আঁতৰাই শ্যামাপ্ৰসাদ মুখাৰ্জি আৰু দীনদয়াল উপাধ্যায়ক প্ৰতিষ্ঠা কৰিব খোজা হৈছে বুলিও উল্লেখ কৰে ভূপেন বৰাই । তেওঁ লগতে কয় যে, ‘‘জাতীয় জীৱন, উঠি অহা প্ৰজন্মক ধ্বংস কৰিব খুজিছে এইখন চৰকাৰে । বিজেপিৰ এনে ধ্বংসমুখী কাৰ্যৰ বিৰুদ্ধে যুদ্ধ হ’ব । সৈনিকৰ ৰূপত যুঁজত জপিয়াই পৰিব লাগিব কংগ্ৰেছ কৰ্মী সকল’’ ।

লগতে পঢ়ক : ১ ছেপ্টেম্বৰত আজমলক এৰি ফণী যাব বিজেপিলৈ

ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ ৭৭ সংখ্যক জন্মদিৱস উপলক্ষে লখিমপুৰত আয়োজিত কাৰ্যসূচীত ভাগ লৈ শুকুৰবাৰে বিজেপিক এনেদৰে তুলাধুনা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এই কাৰ্যসূচীত বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৰত নৰহকে ধৰি ভালেকেইগৰাকী কংগ্ৰেছৰ নেতৃত্বই অংশ গ্ৰহণ কৰে ।

প্ৰয়াত ৰাজীৱ গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আদিৰ উপৰি এখন প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰা হয় । ইয়াৰ পূৰ্বে নৱনিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক গায়ন-বায়নেৰে কংগ্ৰেছ কৰ্মী সকলে কাৰ্যালয়লৈ আদৰি আনে ।

লগতে পঢ়ক : চৰকাৰৰ ১০০ দিন : কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.