বিহপুৰীয়া, 12 জুন : সংশ্লিষ্ট বিভাগৰ ওপৰত যেন আস্থা হেৰুৱাইছে খহনীয়াগ্ৰস্তই(erosion affected people) ৷ প্ৰতিবাৰেই মন্ত্ৰী আহে, আশ্বাস দিয়ে গৰা খহনীয়া ৰোধৰ ৷ কিন্তু সেই আশ্বাস-সেই প্ৰতিশ্ৰুতি পূৰণ নহয় ৷ সেয়ে নেদেখাজনেই শেষ ভৰষা হৈ পৰিছে এইসকল খহনীয়াগ্ৰস্ত ৰাইজৰ । মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচিৰি নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত ৰাইজ শৰণাপন্ন হৈছে বাবা ব্ৰহ্মপুত্ৰৰ ৷ ব্ৰহ্মপুত্ৰৰ শ্ৰী চৰণত ভোগ নৈবদ্য আগবঢ়োৱাৰ সমান্তৰালকৈ নদীৰ পাৰত আয়োজন কৰা হৈছে মহাযজ্ঞৰ৷ ভোগ নৈবেদ্য আগবঢ়াই পুৰোহিতে অহৰহ পাঠ কৰিছে মন্ত্ৰ ।
আশ্চৰ্যজনকভাৱে বিহপুৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিজেপি বিধায়ক ড৹ অমীয় কুমাৰ ভূঞা(BJP MLA Amiyo Kumar Bhuyan )ৰ উদ্যোগত স্থানীয় ৰাইজে নদীৰ পাৰত গৰাখহনীয়া ৰোধৰ বাবে অনুষ্ঠিত কৰে মহাযজ্ঞৰ ৷ মাথো সন্তুষ্ট হ'ব লাগে বাবা ব্ৰহ্মপুত্ৰ(Brahmaputra) । বিধায়কৰ উদ্যোগত আয়োজিত এই পূজাই উদঙাই দিছে গৰা খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাৰ ছবিখন ।
উল্লেখযোগ্য যে, বিগত বহু বছৰ ধৰি অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে । ইতিমধ্যে, ঘৰ-বাৰী নদীৰ বুকুত জাহ যোৱাৰ ফলত অঘৰী জীৱন যাপন কৰিব লগীয়া শ শ পৰিয়ালে । ইখনৰ পিছত সিখন চৰকাৰ আহিল কিন্তু, বনপুৰৈ-জামুগুৰিবাসী ৰাইজৰ সমস্যা সমস্যা হৈয়েই ৰ’ল ৷ বিগত সময়ছোৱাত বিধায়ক, জলসম্পদ মন্ত্ৰী(water resource minister) সকলো আহি ৰাইজক খহনীয়া ৰোধৰ বাবে আশ্বাস প্ৰতিশ্ৰুতি দিয়াৰ পাছতো ৰোধ কৰিব পৰা নাই গৰাখহনীয়া ৷ এইবেলিও একে সমস্যাৰ অশনি সংকেট দেখি বনপুৰৈ-জামুগুৰি বাসীয়ে অৱশেষত নেদেখাজনৰ শৰণাপন্ন হৈছে অঞ্চলবাসী ৷
লগতে পঢ়ক : কৰ'ণাৰ কৰাল গ্ৰাসত টেণ্ট হাউচৰ ব্যৱসায়