ETV Bharat / state

দহবছৰীয়া এখন জৰাজীৰ্ণ বাঁহৰ দলং আৰু জনপ্ৰতিনিধিৰ মিছা প্ৰতিশ্ৰুতি - বালিপুখুৰী

বালিপুখুৰীত দহ বছৰে উন্নয়নৰ পথ নেদেখা এখন বাঁহৰ দলং ৷ বাৰিষা অহাৰ লগে লগে শংকিত ৰাইজ ৷

দহবছৰীয়া এখন জৰাজীৰ্ণ বাঁহৰ দলং
author img

By

Published : Apr 3, 2019, 1:13 PM IST

ঢকুৱাখানা, 4 এপ্ৰিলঃবালিপুখুৰীৰ দহবছৰীয়া এখন জৰাজীৰ্ণ দলং ৷ দলংখনৰ বাবে হাৰাশাস্তি ভুগিব লগীয়া হৈছে ঢকুৱাখানাৰ বালিপুখুৰীৰ সমগ্ৰ অঞ্চলবাসী ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কংগ্ৰেছ চৰকাৰৰ দিনতেই আধাৰশিলা স্থাপন হোৱা এই দলংখনৰ কাম ঠিকাদাৰে আধাতেই সামৰি দলংখনত আবণ্টনহোৱা সকলো ধন আত্মসাৎ কৰি লোৱাৰ উপৰিও দলংখন নিৰ্মাণৰ বাবে অনা ৰড,কাঠ আদি সামগ্ৰী ঠিকাদাৰে নিজৰ ঘৰ নিৰ্মাণৰ বাবে ব্যৱহাৰকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷স্বাধীনতাৰ সত্তৰ দশক পাৰ হোৱাৰপাছতো উন্নয়নৰ বাট নেদেখা এই জৰাজীৰ্ণ দলংখনৰ বিষয়ে দহ বছৰ ধৰি চৰকাৰ তথা ৰাজনৈতিক নেতাক অৱগত কৰি আহিছে যদিও কোনো সুফল নাপালে অঞ্চলবাসীয়ে ৷ ইফালে দলংখন পৰ্যবেক্ষণ কৰিবলৈ ৰাজনৈতিক নেতাৰ সঘনে আহ-যাহ চলে যদিও এই দলংখনৰ কাম প্ৰতিশ্ৰুতিতেই সমাপ্ত হৈ থাকিল বুলি মন্তব্য কৰে অঞ্চলবাসীয়ে ৷

হবছৰীয়া এখন জৰাজীৰ্ণ বাঁহৰ দলং

অঞ্চলবাসীৰ মত অনুসৰি বাৰিষা নামি আহিলেই সম্পূৰ্ণৰূপে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও বিদ্যালয় পৰ্যন্ত বাদ দিব লগা হয় ৷ কংগ্ৰেছে আধৰুৱা কৰি নিৰ্মাণ কৰি দিয়া দলংখন শেষত উপায়ন্তৰ হৈ ৰাইজে নিজে সাজি লৈছিল এখন বাঁহৰ দলং ৷ কিন্তু পুনৰ বাৰিষা অহাৰ লগে-লগে দলংখনৰ শোচনীয় অৱস্থাৰ বাবে চিন্তিত হৈ পৰিছেঅঞ্চলবাসী ৷ স্থানীয় ৰাইজৰ মত অনুসৰি যদিহে দলংখন অতি শীঘ্ৰে মেৰামতি কৰা নহয় তেন্তে সম্পূৰ্ণৰূপে যাতায়ত ব্যৱস্থা বন্ধ হৈ যাব ৷ আনকি নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোত সঘনে আগমণ ঘটা সাংসদ তথা বিধায়কৰ মিছা প্ৰতিশ্ৰুতিৰ বাবে ক্ষোভিত হৈ পৰা অঞ্চলবাসীয়ে মিছা প্ৰতিশ্ৰুতি নহয় বাস্তৱত কৰি দেখুৱাৰ কথা উল্লেখ কৰে ৷

Intro:প্ৰহসনত ঢকুৱাখনাৰ উন্নয়ন।দহ বছৰে জৰাজীৰ্ণ দলঙেৰে বিপদশংকুল যাতায়ত। নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈহে আহে বিধায়ক-সাংসদ। অসাৰ হল প্ৰদান বৰুৱা-নৱ দলেৰ প্ৰতিশ্ৰুতি।  Body:কংগ্ৰেছৰ পিছত জনতাক পৰিবৰ্তনৰ আশা দি শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যৰ উন্নয়নৰ প্ৰতি প্ৰদৰ্শন কৰা চূড়ান্ত উদাসীনতাৰ ফল ভুগিছে ঢকুৱাখনাৰ জনতাই।স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পিছতো ঢকুৱাখনাৰ এনে কেতবোৰ অঞ্চল আছে যি সমূহ অঞ্চলৰ যাতায়ত ব্যৱস্থাই বহু সময়ত স্তব্ধ কৰি তোলে জনজীৱন।ঢকুৱাখনা মহকুমাৰ দেৱলীয়া পঞ্চায়তৰ অন্তৰ্গত এটা অঞ্চল হল বৃহত্তৰ বালিপুখুৰী।যিটো অঞ্চলৰ জনতাই বছৰৰ পিছত বছৰ ধৰি যাতায়তৰ নামত ভুগি আহিছে দুৰ্ভোগ।উল্লেখযোগ্য যে, ৰজাঘৰীয়া ঠিকাদাৰৰ সোণৰ কণী পৰা হাঁহলৈ পৰ্যবেসিত হোৱা এই অঞ্চলটোৰ জনতাই খৰালিত পথৰুৱা পথৰে খোজ কাঢ়ি আৰু বাৰিষাত নাৱেৰে বিপদ শংকুল যাতায়ত কৰিব লগীয়া পৰিস্থিতি উদ্ভৱ হৈ আহিছে।ৰাইজৰ বহু বছৰীয়া আৱেদনৰ পিছত বিগত দহ বছৰৰ পূৰ্বে পঞ্চায়তে এটা পথ নিৰ্মাণ কৰি বালিপুখুৰীৰ ওপৰত কোনো দলং নিৰ্মাণৰ বাবে মোটা অংকৰ ধনৰ আৱন্তন দিছিল।কিন্ত সেই পথ আৰু দলং নিৰ্মাণৰ নামত সেই সময়ৰ কংগ্ৰেছী ঠিকাদাৰে আৱন্তীত ধন আত্মসাত কৰি পথ আৰু দলং নিৰ্মাণৰ কাম আধাতে সামৰিলে।দলঙৰ কাম ২০ শতাংশতে সামৰি অৰ্ধ নিৰ্মিত সেই দলঙৰ ৰড কাটি বাকী সামগ্ৰীৰে ঠিকাদাৰে নিজৰ ঘৰ নিৰ্মাণত ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ফলত বাৰিষাৰ সময়ত সামান্য বান আহিলেই পানীত বোৰ যোৱা পথটো আৰু অৰ্ধনমিত দলঙেৰে দুৰ্বিসহ যাতায়ত কৰি দিন পাৰ কৰা অঞ্চল বাসীয়ে দলং নিৰ্মাণৰ স্থানত নাৱৰে পাৰ হব লগীয়া হয়।এনে পৰিস্থিতিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আহ যা কৰাত ব্যাপক অসুবিধা সন্মুখীন হয়।একেদৰে জৰুৰীকালীন সময়ত ৰোগীক চিকিৎসালয়লৈ নিয়াত অসুবিধা সন্মুখীন হোৱা অঞ্চলবাসী ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো ব্যাপক অসুবিধা সন্মুখীন হৈ আহিছে।বিগত সাতবছৰীয়া এনে হাৰাশাস্তিৰ পিছত পৰিবৰ্তন বিচাৰি কংগ্ৰেছক উফৰাই বিজেপি বিধায়ক আৰু সাংসদ পতাত হাত উজান দিলে বালিপুখুৰীৰ ৰাইজে।ৰাইজৰ অভিযোগ অনুসৰি শাসন লৈ আহি জনতাৰ খবৰ লবলৈ আহৰি নোপোৱা মন্ত্ৰী তথা বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাই বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ত অঞ্চলটোলৈ ভুমুকি মাৰি দলং খন পৰিদৰ্শন কৰিছিল।ৰাইজে জানিবলৈ দিয়া অনুসৰি নিৰ্বাচনৰ সময়ত দলৰ স্বাৰ্থত এখন বাঁহৰ দলঙৰ ব্যৱস্থা কৰি শীঘ্ৰে এখন পকী দলং নিৰ্মাণৰ আশ্বাস দিছিল দুই বিধায়ক-সাংসদে।কিন্তু এই মুহূৰ্তত লৈকে কোনোধৰণৰ খবৰে লোৱা নাই বিধায়ক-সাংসদে দ্বয়ে।পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ নিৰ্মান কৰা বাঁহৰ দলং খনৰ অৱস্থা এতিয়া শোচনীয়।অঞ্চলটোত বাৰিষাৰ পূৰ্বে পুনৰ নতুনকৈ এখন দলং নিৰ্মাণ নকৰিলে যিকোনো মুহূৰ্ততে অনাকাংক্ষিত বিপদ নিশ্চিত।যি সময়ত ৰাজ্যৰ বহু ঠাইত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মান কৰি যাতায়ত সুচল কৰি তুলিছে সেই সময়ত এই পথটো নিৰ্মাণ কৰাত গুৰুত্ব নিদিয়াটো ৰহস্য হৈ পৰিছে।কাৰণ এই পথটো নিৰ্মান হলে এটা বৃহত্তৰ অঞ্চলৰ যাতায়ত সুচল হৈ উঠিব।সেয়ে ৰাইজৰ দাবী-এটা অঞ্চলতৰ উন্নয়ন কেৱল বিধায়ক সাংসদৰ প্ৰতিশ্ৰুতিতে সীমাবদ্ধ ৰাখিলে ৰাইজে নিৰ্বাচনত পুতক তুলিব।গতিকে চৰকাৰে বিষয় টি গুৰুত্ব দি পথটো শীঘ্ৰে নিৰ্মাণ কৰি যাতায়ত সুচল কৰি তোলক। Conclusion:Byte:স্থানীয় লোক।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.