ETV Bharat / state

ৰঙা সংৰক্ষিত বনাঞ্চলত প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

author img

By

Published : Sep 4, 2022, 10:49 PM IST

অসম-অৰুণাচল সীমান্তত থকা গাঁওসমূহৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত তীব্ৰ সংঘাতৰ সৃষ্টি হৈ আহিছে । উল্লেখ্য় যে এই সীমা সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন বৈঠকত অনুষ্ঠিত হৈছিল(Resolving Assam Arunachal border disputes )। ইয়াৰ মাজতে অৰুণাচলক এক ইঞ্চিও ভূমি এৰি নিদিয়াৰ হুংকাৰ অসমীয়া যুৱ মঞ্চৰ ।

Asomiya Yuv Manch protest in Lakhimpur
ৰঙা সংৰক্ষিত বনাঞ্চলত প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

লখিমপুৰ, ৪ছেপ্টেম্বৰ: অসম আৰু অৰুণাচলৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত আলোচনা অব্যাহত থকাৰ মাজতেই এইবাৰ পুনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাত অসমৰ ভূমি আগ্ৰাসনে ভয়ংকৰ পৰিস্থিতিৰ ৰূপ লৈছে(Arunachal Pradesh invades Assamese territory again) ৷

লখিমপুৰ জিলাৰ দুলুং,ৰঙা আদি সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ বেদখল আৰু সীমা সমস্যা সমাধানৰ নামত দখলীকৃত ভূমি এৰি দিয়াৰ প্ৰসংগই জুই জ্বলাইছে লখিমপুৰত । ৰঙা সংৰক্ষিত বনাঞ্চলৰ বেদখলৰ বিৰুদ্ধে দেওবাৰে অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই ।

লখিমপুৰৰ অৰুণাচল সীমান্তৰ বিভিন্ন অঞ্চলত প্ৰতিবাদৰ জোৱাৰ উঠিছে । বিশেষ কৈ দুলুং,ৰঙা আদি সংৰক্ষিত বনাঞ্চলত প্ৰতিবাদৰ চোক বাঢ়িছে । সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মাজত সঘন বৈঠক অনুষ্ঠিত হৈ থকাৰ সময়ত অৰুণাচলীয়ে অসম ভূমিলৈ বহুদুৰ আগুৱাই আহি সেয়াই অৰুণাচলৰ ভূমি বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে ।

ৰঙা সংৰক্ষিত বনাঞ্চলত এনে বেদখলৰ প্ৰকোপ বৃদ্ধি হোৱাত দেওবাৰে বিয়লি বনাঞ্চলখনৰ ভিতৰত অসমীয়া যুৱ মঞ্চই(Asomiya Yuv Manch protest in Lakhimpur)অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে তেজ দিম মাটি নিদিও বুলি হুংকাৰ দিয়ে । অৰুণাচলক এক ইঞ্চিও ভূমি এৰি দিয়া নহ'ব বুলি উত্তাল শ্লোগান দি বেদখলদাৰী অৰুণাচলীক ধিক্কাৰ দিয়ে । অৰুণাচলীৰ বেদখলৰ বিৰুদ্ধে হেংদাং লৈ অসমীয়া যুৱ মঞ্চই প্ৰত্যুত্তৰ দিব বুলিও সকীয়াই দিয়ে বেদখলকাৰী সকলক ।

উল্লেখ্য যে লখিমপুৰ জিলাৰ পাঁচখনকৈ সংৰক্ষিত বনাঞ্চলৰ ৬৭ কিলোমিটাৰ অংশ অৰুণাচলৰ গাত লাগি আছে । জিলাখনৰ এই বনাঞ্চল কেইখন হৈছে ৯৯ বৰ্গ কিলোমিটাৰৰ দুলুং,৪৫ বৰ্গ কিলোমিটাৰৰ কাকৈ,৩৭ বৰ্গ কিলোমিটাৰৰ কদম,১৬ বৰ্গ কিলোমিটাৰৰ পাভ আৰু ৮৫ বৰ্গ কিলোমিটাৰৰ ৰঙা সংৰক্ষিত বনাঞ্চল(Ranga Resrve Forest)। এই আটাইকেইখনতে দীর্ঘ দিন ধৰি ব্যাপক হাৰত বেদখল চলিছে অৰুণাচলবাসীয়ে ৷

অসম-অৰুণাচল সীমান্তত থকা গাঁওসমূহৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত তীব্ৰ সংঘাতৰ সৃষ্টি হৈ আহিছে । উল্লেখ্য় যে এই সীমা সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন বৈঠকত অনুষ্ঠিত হৈছিল(Resolving Assam Arunachal border disputes)।

ইপিনে,এই দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ আগ্ৰহ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে । প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ নিৰ্দেশতেই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বৈঠকত অনুষ্ঠিত হৈছে । অৱশ্য়ে ইয়াৰ পিছতো সীমান্তৱৰ্তী অঞ্চলত অব্য়াহত আছে সংঘাত(Assam Arunachal border) ৷

লগতে পঢ়ক:etv comment image বৰপেটাৰ মাজদিয়াত বিনামূলীয়া চকু পৰীক্ষা শিবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.