ETV Bharat / state

লখিমপুৰক সেউজীয়া কৰাৰ প্ৰয়াস জিলা বন বিভাগৰ - গছপুলি ৰোপন আৰু সংৰক্ষণ

নৱ প্ৰজন্মক প্ৰকৃতিৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে লখিমপুৰ বন বিভাগে হাতত হৈছে এক ব্যতিক্ৰমী পদক্ষেপ (Awareness and plantation program) ৷ সমগ্ৰ জিলাখনতে 10 হাজাৰ গছ পুলি ৰোপনৰ কাৰ্যসূচী হাতত লৈছে জিলা বন বিভাগে ৷ এই উদ্দেশ্যে বৃহস্পতিবাৰে জহিং খণ্ড বন কাৰ্যালয়ৰ অধীনত জহিঙৰ ল'ৱাৰ জুমি বস্তিত ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপনৰ কৌশল, প্ৰকৃতি সংৰক্ষণ সন্দৰ্ভত আয়োজন কৰা হয় এক সজাগতা সভা ৷

লখিমপুৰক সেউজীয়া কৰাৰ প্ৰয়াস জিলা বন বিভাগৰ

author img

By

Published : May 26, 2022, 6:14 PM IST

লখিমপুৰ, 26 মে’ : লখিমপুৰ বন বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ (Lakhimpur Forest Department)৷ নৱ প্ৰজন্মক প্ৰকৃতিৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে জিলা বন বিভাগে জিলাখনত 10 হাজাৰ গছ পুলি ৰোপন কৰাৰ এক কাৰ্যসূচী হাতত লৈছে (Awareness and plantation program) ৷ লগতে জিলাখনক সেউজীয়া কৰি ৰখাৰ লক্ষ্যৰে ছাত্ৰ সমাজক লগত লৈ এই অভিযান আৰম্ভ কৰিছে জিলা বন বিভাগে ।

কেৱল গছ পুলি ৰোপনেই নহয়, ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপনৰ কৌশল, প্ৰকৃতিৰ সন্দৰ্ভত সজাগতাৰ সকলো দিশেই এই কাৰ্যসূচীৰ অন্যতম লক্ষ্য বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে জহিং খণ্ড বন কাৰ্যালয়ৰ অধীনত জহিঙৰ ল'ৱাৰ জুমি বস্তিত বন বিভাগৰ লগত ছাত্ৰ-ছাত্ৰীসকলে এহেজাৰ গছপুলি ৰোপন কৰে ৷

লখিমপুৰক সেউজীয়া কৰাৰ প্ৰয়াস জিলা বন বিভাগৰ

জহিং খণ্ড বন বিষয়া মকিবুৰ ৰহমানৰ তত্বাৱধানত আয়োজন কৰা এই সজাগতা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ গছপুলি ৰোপন আৰু সংৰক্ষণ কৰিব লাগে, তাৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা কৰে ৷ বিদ্যালয়সমূহৰ পৰা অহা ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত ৰাইজে এই সজাগতা অনুষ্ঠানৰ লগত সংগতি ৰাখি গছপুলি ৰোপন কৰে ৷

আনহাতে, লখিমপুৰ বন সংমণ্ডলৰ অন্তৰ্গত ৰঙা বনাঞ্চল আৰু পথালিপাম খণ্ড বন কাৰ্যালয়ৰ অধীনত দুলুং বনাঞ্চলত ইতিমধ্যে 5000 গছপুলি ৰোপন কৰা হৈছে বুলি লখিমপুৰৰ পথালিপামৰ খণ্ড বন বিষয়া আব্দুল মতীনে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : হোজাইৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.