নাওবৈচা, 25 ফেব্ৰুৱাৰী: অৰুণাচলৰ গংগাত ৪ দিন ধৰি হাত-ভৰি বান্ধি আৱদ্ধ কৰি ৰখা হৈছে অসমৰ দুই যুৱকক । লখিমপুৰৰ পানধোৱাৰ ৰশ্বিদুল হক আৰু খুৰচেদ আলমক বান্ধি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । এজন অৰুণাচলী লোকে নিজৰ ঘৰত যুৱক দুজনক বান্ধি ৰখা বুলি জানিব পৰা গৈছে ।
অৰুণাচলী লোকজনৰ বাসগৃহত প্ৰায় তিনিমাহ ধৰি কৰ্মৰত আছিল যুৱক দুজন । যুৱক দুজনে প্ৰাপ্য ধন বিচৰাত কাম সম্পূৰ্ণ নকৰাৰ অজুহাত বান্ধি ৰাখি মাৰপিট কৰে দুয়োকে ।
অৱশেষত NPYF ৰ সভাপতি বিৰি জয়ৰ তৎপৰতাত উদ্ধাৰ কৰা হয় যুৱক দুজনক । ইতিমধ্যে দুয়োকে অৰুণাচলৰ গংগাত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক: গোৱালপাৰাত ৰাইজৰ দলৰ নিৰ্বাচনী ৰণডংকা