লখিমপুৰ, ১৮মেঃ লখিমপুৰ ঢকুৱাখনাৰ বৰদৈবাম- বেবেজীয়া গড়কাপ্তানী পথৰ গা-ডাঙৰচুক ২ নং দলংখন এজাক বৰষুণতেই উটি যায় । এতিয়া বিপদসংকুলভাৱে পাৰ হৈছে দুচকীয়া বাহনৰ লগতে স্কুলীয়া ছাত্ৰ- ছাত্ৰী ।
ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত বৰদৈবাম বিলমুখ হৈ বেবেজীয়া লৈ যোৱা গড়কাপ্তানী পথত আছে কেইবাখনো পকী দলং। যোৱা বছৰ বাৰিষাৰ প্ৰলয়ংকাৰী বানে উটুৱাই নিছিল এই পথছোৱাৰ কেইবাখনো দলং । প্ৰায় এটা বছৰে বিভাগীয় বিষয়া কৰ্মচাৰীয়ে শুই বহি কটোৱাৰ পিছত কেইদিনমানৰ আগতে আৰম্ভ কৰিছিল দলঙৰ দুই মূৰ মেৰামতিৰ কাম। কিন্তু অতি নিম্ন মানৰ কামৰ ফলতে বাৰিষাৰ প্ৰথমজাক বৰষুণতেই উটি যায় গা-ডাঙৰচুক ২ নং দলংখন।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ নিজা সমষ্টিৰ এই পথছোৱাৰ দুৰৱস্থা দূৰ কৰিবলৈ কোনো স্থায়ী সমাধানৰ চিন্তা নকৰাত এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন । অতি শীঘ্ৰে পথটোত থকা দলংখনৰ লগতে পথটো মেৰামতি কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ যাতায়াতৰ বাবে সুচল কৰিবলৈ চৰকাৰৰ লগতে স্থানীয় বিধায়কক দাবী তুলিছে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ।
লগতে আন এটা বাতৰি - ধেমাজিত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ!!