লখিমপুৰ, 6 আগষ্ট: লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী ৷ যোৱা 28 জুলাইৰ নিশা দুৰ্বৃত্তৰ হাতত নিহত হোৱা লখিমপুৰৰ চাংমাই গাঁৱৰ গোৱৰীশালিৰ যুৱক প্ৰণৱ শইকীয়াৰ হত্যাকাৰীক ফাঁচীৰ দাবীত শনিবাৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচীৰ লগতে মুণ্ডন কাৰ্যসূচী ৰূপায়ন কৰে । লখিমপুৰৰ নগৰৰ কমলাবাৰী পথত অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰণৱ শইকীয়াৰ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে সংগঠনটোৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জিৎ বৰদলৈয়ে মুণ্ডন কৰে ৷
প্ৰণৱৰ হত্যাকাৰীৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰক, প্ৰণৱৰ হত্যাকাৰীক ফাঁচী দিয়ক আদি শ্লোগান দি প্ৰতিবাদকাৰী সকলে উত্তাল পৰিৱেশ সৃষ্টি কৰে । প্ৰতিবাদস্থলীত সংগঠনটোৰ কেন্দ্রীয় সচিব অনুপম শইকীয়াই লখিমপুৰৰ প্ৰণৱ শইকীৰ হত্যাকাণ্ডৰ পাচৰ পৰা ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনা প্ৰৱাহক উল্লেখ কৰি চৰকাৰক কঠোৰ হাতেৰে দমন কৰাৰ দাবী জনায় ।
আনহাতে, মুণ্ডন কৰা অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জিৎ বৰদলৈয়ে কয় যে, ৰাজ্যত খিলঞ্জীয়াৰ ওপৰত হোৱা আক্রমণ ৰোধ কৰাত মুখ্যমন্ত্রী ব্যৰ্থ হৈছে । গৃহ বিভাগ তেওঁৰ হাতত থকাৰ পাচতো অপ্ৰীতিকৰ ঘটনা সংগঠিত হ’বলৈ ধৰিছে , এই ক্ষেত্ৰত তেওঁ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই । গৃহ বিভাগটো ১৫ মিনিটৰ বাবে অসমীয়া যুৱ মঞ্চক গতাই দিবলৈ আহ্বান জনাই তেওঁ আৰু কয়, অসমীয়া যুৱ মঞ্চই ১৫ মিনিটৰ ভিতৰতে ৰাজ্যৰ পৰা এনে অপশক্তি বিতাৰণ কৰিবলৈ সক্ষম হ’ব ।
আনহাতে, যি পৰ্যন্ত প্ৰণৱৰ হত্যাকাৰীক ফাঁচী দিয়া নহয় সেই পৰ্যন্ত অসমীয়া যুৱ মঞ্চই ধাৰাবাহিক ভাৱে প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি প্ৰতিবাদস্থলীৰ পৰা অসমীয়া যুৱ মঞ্চৰ নেতৃত্বই স্পষ্টকৈ ঘোষণা কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চফিক আলি, আইজুল ৰহমান আৰু আচিক আলিক গ্ৰেপ্তাৰ কৰিছে ৷ অপৰাধী কেইজন যাতে পুনৰ সমাজত অশান্তি বিয়পাব নোৱাৰে তাৰ ব্যৱস্থাৰ কৰিবলৈ দাবী তোলে অসমীয়া যুৱ মঞ্চই ৷
লগতে পঢ়ক:Lakhimpur Road Accident: লখিমপুৰ বাইপাছত তীব্ৰ বেগী বাহন দুঘটনাগ্ৰস্ত; দুজনৰ মৃত্যু