ETV Bharat / state

Protest in Lakhimpur: লখিমপুৰত অসমীয়া যুৱ মঞ্চই জ্বলালে বনছুৰ প্ৰতিকৃতি - জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়

কোকৰাঝাৰত জলসিঞ্চন বিভাগৰ পূৱ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত অসমীয়া ভাষাক কৰা অপমানৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ বনছুক(BoNSU) নিষিদ্ধ কৰাৰ দাবীত লখিমপুৰ নগৰৰ কে বি ৰোডত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ ৷

Protest in Lakhimpur
লখিমপুৰত অসমীয়া যুৱ মঞ্চই জ্বলালে বনছুৰ প্ৰতিকৃতি
author img

By

Published : Dec 17, 2022, 1:28 PM IST

লখিমপুৰত অসমীয়া যুৱ মঞ্চই জ্বলালে বনছুৰ প্ৰতিকৃতি

লখিমপুৰ ১৭ ডিচেম্বৰ: লখিমপুৰ নগৰত শনিবাৰে পুৱা বড়োলেণ্ড নেচনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছুৰ প্ৰতিকৃতি জ্বলাই অসমীয়া যুৱ মঞ্চই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অতিশীঘ্রে বনছুৰ নেতৃত্বক গ্ৰেপ্তাৰ কৰাৰ লগতে সংগঠনটোক নিষিদ্ধ কৰাৰ দাবী এই প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই । তেওঁলোৰে লগতে সমগ্র ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়ৰ ফলক অসমীয়াত লিখিবলৈ দাবী জনায় ৷ অন্যথা ৰাজ্যজুৰি তীব্র আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে অসমীয়া যুৱ মঞ্চই ।

উল্লেখ্য যে, বড়ো ছাত্ৰ সংগঠন বড়ো নেচনেল ষ্টুডেণ্টছ ইউনিয়ন(Bodo National Students' Union) চমুকৈ বনছুৱে বৃহস্পতিবাৰে কোকৰাঝাৰত চৰম ধৃষ্টতা প্ৰদৰ্শন কৰি অসমীয়া ভাষাক চূড়ান্ত অপমান কৰে ৷ কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ জলসিঞ্চন বিভাগৰ পূৱ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হৈ বনছুৰ এটা দলে কাৰ্যালয়টোত পূৰ্বৰে পৰা থকা অসমীয়া আৰু ইংৰাজী ভাষাৰ ফলকত সানে বগা ৰং(Insult to Assamese language) ।

কোকৰাঝাৰত চৰকাৰী কাৰ্যালয়ৰ ফলক বড়ো ভাষাত নিলিখাৰ বাবেই বনছুৱে বগা ৰং সানে জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ অসমীয়া আৰু ইংৰাজী ভাষাৰ ফলকত ৷ কেৱল সিমানেই নহয়, 15 জানুৱাৰীৰ ভিতৰত বড়োলেণ্ডৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ ফলক বড়ো ভাষাত লিখাৰো দাবী জনায় বনছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে ৷ অন্যথা সকলো কাৰ্যালয়, প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই ৷

এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইয়াৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ ইয়াৰে বিৰুদ্ধে আজি লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই । তেওঁলোকে বাৰে বাৰে অসমীয়া ভাষাক অপমানৰ এই ধৃষ্টতা কিয় বুলি প্ৰশ্ন উত্থাপন কৰে ৷ ইয়াৰ লগতে অসমতেই এতিয়া স্থান হেৰুৱাবলগীয়া হৈছে অসমীয়া ভাষাই? ইফালে, কোকৰাঝাৰৰ এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma) নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ স্থিতি কি হ’ব সেয়াহে এতিয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Kharge Targets Modi Govt : ডোকলাম-শিলিগুৰি কৰিডৰক লৈ মোদী চৰকাৰক লক্ষ্য খাৰ্গেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.