লখিমপুৰ, ২৪ অক্টোবৰ: লখিমপুৰৰ এগৰাকী 108 এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰী নিজৰ কামৰ জৰিয়তে মহানুভৱতাৰ পৰিচয় দিছে। গোলাপ শইকীয়া নামৰ 108ৰ কৰ্মচাৰীগৰাকীয়ে শুক্ৰবাৰে নিশা এগৰাকী কৰ'ণা আক্ৰান্তক ঘৰৰ পৰা আনিবলৈ হাস্পতাললৈ আনিবলৈ গৈছিল। ৰোগীগৰাকীৰ ঘৰলৈকে এম্বুলেঞ্চ যাবলৈ বাট-পথ সুবিধাজনক নাছিল।
ৰোগীজন সংজ্ঞাহীন অৱস্থাত আছিল বাবে এম্বুলেঞ্চৰ ওচৰলৈ অহাত অসুবিধা হৈছিল। উপায়হীন হৈ 108ৰ কৰ্মচাৰীগৰাকীয়ে ৰোগীজনক নিজৰ কান্ধত দাঙি নি ৫০০ মিটাৰ দূৰত থকা এম্বুলেঞ্চৰ ওচৰলৈ লৈ যায়। পিছত ৰোগীজনক হাস্পতালত ভৰ্তি কৰোৱা হয়।
লগতে পঢ়ক:ৰাজ্যত কৰ'ণা ভাইৰাছত মৃতকৰ সংখ্যা 900 গৰাকীলৈ বৃদ্ধি