লখিমপুৰ, 18 মাৰ্চ : লখিমপুৰ জিলাৰ কাকৈ ৰাজগড়ৰ অসম-অৰুণাচল সীমান্তত অৰুণাচলীয়ে জ্বলালে অসমৰ এটা বেচৰকাৰী সংস্থাৰ কাৰ্যালয় ৷ অসমৰ ভূমিত অৰুণাচলীয়ে নিৰ্মাণ কৰা ঘৰ মঙলবাৰে লখিমপুৰ জিলা প্ৰশাসন আৰু বনবিভাগে উচ্ছেদ কৰিছিল ৷ ইয়াৰ প্ৰত্যুত্তৰ হিচাপে একাংশ অৰুণাচলীয়ে অসমৰ ভূমিত থকা কাৰ্যালয়টো জ্বলাই দিয়ে ৷ ইয়াৰোপৰি, লখিমপুৰ প্ৰশাসনে সীমা নিৰ্ধাৰণ কৰি লগাই দিয়া ফলকো ভাঙি পেলায় ৷
বৰ্তমান এই ঘটনাক লৈ কাকৈ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷
আৰু পঢ়ক : অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থাঃমোলান লস্কৰ