ETV Bharat / state

Assam-Arunachal Border dispute: লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা

author img

By

Published : Feb 11, 2022, 4:25 PM IST

শেহতীয়াকৈ লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা বৃদ্ধি পাইছে (Tense situation on Arunachal border in Lakhimpur)। বৃক্ষ ৰোপনৰ বাবে যোৱা অসমৰ বন বিভাগৰ লোকক অৰুণাচলীৰ আক্ৰমণ । অৰুণাচলী গাওঁবুঢ়াৰ উপস্থিতিত অসমৰ বনবিভাগৰ দলক অপদস্থ কৰাৰ অভিযোগ ।

Border
লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা

লখিমপুৰ,১১ ফেব্ৰুৱাৰী : উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ সীমান্ত সমস্যা সমাধানক লৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও আজিও সীমান্ত অঞ্চলত একেই পৰিৱেশে বিৰাজ কৰিছে । এতিয়া অসমৰ ভূমিত চুবুৰীয়া ৰাজ্যসমূহৰ আগ্ৰাসন অব্যাহত আছে । বিশেষকৈ লখিমপুৰৰ সীমান্তত অৰুণাচলীসকলৰ কাৰ্যকলাপ অব্যাহত আছে । এইবাৰ পুনৰ লখিমপুৰৰ সীমান্তবৰ্তী কাকৈ সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে তাণ্ডৱ চলাইছে (Tense situation on Arunachal border in Lakhimpur)।

অসমৰ বনবিভাগৰ লোকক খেদি পঠিয়ালে অৰুণাচলীয়ে । বৃহস্পতিবাৰে জেএফএমচি আঁচনিৰ অধীনত বন বিভাগৰ লোকসকলে গছপুলি ৰোপনৰ বাবে যাওঁতেই এই ঘটনা সংঘটিত হয় । জুনু গাঁও এলেকা নিজৰ বুলি দাবী কৰিলে অৰুণাচলী দুষ্কৃতিকাৰীয়ে ।

লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা

অৰুণাচলী গাওঁবুঢ়াৰ উপস্থিতিত অসমৰ বনবিভাগৰ দলক অপদস্থ কৰাৰ অভিযোগ উঠিছে । কেৱল এয়াই নহয় চোকা অস্ত্র-শস্ত্রৰে মৃত্যুৰ ভাবুকি দিয়ে অৰুণাচলীসকলে ।

উল্লেখ্য যে জিলাখনৰ দুলুং, কাকৈ, ৰঙা আদি সংৰক্ষিত বনাঞ্চলৰ উপৰিও বান্দৰদেৱা, তৰাজুলি আদি বিভিন্ন এলেকাত অৰুণাচলীসকলৰ সৈতে সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে । অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ লৈ অৰুণাচলীয়ে অসমৰ বন বিভাগক এনেদৰে বাধা প্রদান কৰি আহিছে ।

লগতে পঢ়ক :GMC raid: অনুজ্ঞাপত্ৰবিহীন বিপনীৰ পৰা ৮৫ হাজাৰ টকা জৰিমনা সংগ্ৰহ GMCৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.