ETV Bharat / state

লখিমপুৰত উদ্ধাৰ 9 টাকৈ এয়াৰগান-পিষ্টল - পিষ্টল

লখিমপুৰত উদ্ধাৰ এয়াৰগান, পিষ্টল (Rescue airgun, pistol in Lakhimpur)। শুকুৰবাৰৰ সন্ধিয়াৰ পৰা আজিলৈকে উদ্ধাৰ হৈছে ৯ টাকৈ পিষ্টল আৰু এয়াৰগান ।

rescue pistol in lakhimpur
লখিমপুৰত উদ্ধাৰ হৈছে 9 টাকৈ মাৰণাস্ত্ৰ
author img

By

Published : Jul 9, 2022, 12:59 PM IST

লখিমপুৰ, 9 জুলাই: লখিমপুৰত উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ । লখিমপুৰ নগৰৰ সমীপৰ আলিচিগাত উদ্ধাৰ হৈছে এয়াৰগান আৰু পিষ্টল (Airgun recovered in Lakhimpur) ৷ শুকুৰবাৰে সন্ধিয়াৰ পৰা আজিলৈকে ওলায়ে আছে বন্দুক । সোৱণশিৰি নদীৰ পাৰত উদ্ধাৰ হৈছে ৯ টাকৈ বন্দুক (Guns recovered on Subansiri river)।

সোৱণশিৰিৰ নদীৰ পাৰত কেইজনমান যুৱকে শুকুৰবাৰে সন্ধিয়া উদ্ধাৰ কৰে কেইটামান এয়াৰগান । সোৱণশিৰি নদীৰ পানীৰ পৰা উদ্ধাৰ হয় এয়াৰগান সমুহ । ইটোৰ পিছত সিটোকৈ বন্দুক পানীৰ পৰা উলিয়াই অনা হয় পাৰলৈ ।

লখিমপুৰত উদ্ধাৰ হৈছে 9 টাকৈ মাৰণাস্ত্ৰ

লখিমপুৰ জিলা পানীগাওঁ আৰক্ষী চকীৰ অন্তগৰ্ত আলিচিগাত ওলাইছে নটাকৈ বন্দুক ৷ প্ৰথমে দুজন যুৱকে প্ৰত্যক্ষ কৰে এটা বন্দুকৰ নলী । পানীত নমাৰ পিছত সাতটাকৈ বন্দুক শুকুৰবাৰে উদ্ধাৰ কৰাৰ পিছত আজি পুৱা পুনৰ দুটা বন্দুক উদ্ধাৰ হয় । পানীগাওঁ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পলাশৰঞ্জন দাসৰ উপস্থিতিত উদ্ধাৰ কৰা এয়াৰগানসমূহ তদন্তৰ বাবে লখিমপুৰ সদৰ থানালৈ প্ৰেৰণ কৰিছে ৷ আনহাতে স্থানীয় ৰাইজৰ ক্ষোভ কণ কণ ল’ৰাক সোৱণশিৰি নদীত বন্দুক উদ্ধাৰ অভিযানত নমাইছে আৰক্ষী প্ৰশাসনে ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে অৰুণাচলৰ লোক উক্ত স্থানত বিচৰণ কৰা প্ৰত্যক্ষ কৰিছিল আলিচিগাৰ স্থানীয় লোকে । চোৰাং চিকাৰৰ বাবে বন্দুকসমুহ অনা বুলি সন্দেহ স্থানীয় ৰাইজৰ । লখিমপুৰ আৰু মাজুলী জিলাৰ মধ্যস্থল আলিচিগাত ৯ টাকৈ বন্দুক উদ্ধাৰ হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পিছতহে উদ্ধাৰ হোৱা বন্দুকৰ প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা ।

লগতে পঢ়ক: ৰঙিয়াত জলাশয়ৰ পৰা বন্দুক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.