লখিমপুৰ, ১৮ ডিচেম্বৰ : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police anti drugs raid)। বিগত প্ৰায় এবছৰত কোটি কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে এই ধৰণৰ সামগ্ৰীৰ সৰবৰাহত জড়িত বহু লোককে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । কিন্তু তাৰ পাছতো একাংশ দুষ্টচক্ৰই নিষিদ্ধ ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে (Drugs smuggling in Assam)। যুৱপ্ৰজন্মক ধ্বংস কৰা এই ধৰণৰ নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে ব্যৱসায়ীসকলে । বহু স্থানত ৰাইজ সজাগ নোহোৱাৰ বাবেই আজিও মুকলিকৈ ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ।
লখিমপুৰ জিলাৰো বিভিন্ন প্ৰান্তত গাঞ্জাকে ধৰি ড্ৰাগছৰ বেহা অব্যাহত আছে । প্ৰশাসনৰ চকুত ধুলি দি চলাই থকা এই কাৰ্যকলাপ বন্ধৰ উদ্দেশ্যে এইবাৰ ওলাই আহিছে অসমৰ অন্যতম সংগঠন দুৰ্নীতি বিৰোধী যুৱশক্তি, অসম (Anti corruption youth power Assam)। ড্ৰাগছৰ কৱলৰ পৰা লখিমপুৰক ৰক্ষা কৰিবলৈ ঠায়ে ঠায়ে সংগঠনটোৱে আয়োজন কৰিছে সজাগতা সভাৰ ।
জানিব পৰা মতে লখিমপুৰ নগৰৰ গাতে লাগি থকা ১২ নং ৱাৰ্ডতো দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ চলি আছে । এনে অবৈধ বেহাৰ কৱলত পৰি পংগু হৈ পৰিছে অঞ্চলটোৰ উঠি অহা প্ৰজন্ম । যাৰ বাবে দেওবাৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ উত্তৰ লখিমপুৰ নগৰ সমিতিয়ে আয়োজন কৰে এক ড্ৰাগছ বিৰোধী সজাগতা সভা (Anti drug awareness meeting at Lakhimpur)। সজাগতা সভাত অঞ্চলটোৰ এনে উদ্বেগজনক পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি বক্তাসকলে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায় ।
লখিমপুৰ সচেতন নাগৰিক সমাজৰ সম্পাদক ছাজাদ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ জৰিয়তে অঞ্চলটো ড্ৰাগছ মুক্ত কৰি সমাজখনক বৰবিহৰ কৱলৰ পৰা মুক্ত কৰিবলৈ প্ৰশাসনক দাবী জনায় । সভাখনত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ লখিমপুৰৰ নেতা ইমদাদ হাজৰিকা, প্ৰণৱ কুমাৰ গগৈ, আজিজ আলীৰ লগতে স্থানীয় ৰাইজে অংশগ্রহণ কৰে ।
লগতে পঢ়ক :AASAA protest : চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মৈজঙ্গা চাহ বাগিচা