বিহপুৰীয়া, 26 ফেব্ৰুৱাৰী: ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana) গৃহ আৱন্টনৰ নামত চলিছে দৰ দাম (PMAY scam in Assam)। দুখীয়া ৰাইজে পঞ্চায়ত প্ৰতিনিধিক ধন নিদিলে গৃহ নোপোৱাৰ অভিযোগ একাংশ ভুক্তভোগী ৰাইজৰ । বিগত বহু সময়ত ৰাজ্যৰ বহু অঞ্চলত এনেদৰে চৰকাৰী গৃহ আৱন্টনৰ নামত ধনৰ লেন-দেনৰ অভিযোগ উত্থাপন হোৱা পিচে নতুন কথা নহয় ৷ এইবাৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াত একাংশ দৰিদ্ৰ ৰাইজে চৰকাৰী গৃহৰ বিনিময়ত ধনদাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ৰূপামণি স্বৰ্গীয়াৰীৰ বিৰুদ্ধে (Demanding money allotment of houses)৷
নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজগড় গাঁও পঞ্চায়তৰ তথা অসম অৰুণাচল সীমান্তৱৰ্তী চূণাজুলিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্নীতি। ৰাজগড় গাঁও পঞ্চায়তত শেহতীয়াকৈ চৰকাৰীভাৱে বহু সংখ্যক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টিত হৈছিল (Government houses allotment)।
দীৰ্ঘদিন ধৰি এটা গৃহৰ বাবে চৰকাৰলৈ আশাৰে বাট চাই থকা বহু লোকৰ ঘৰত এতিয়া দুখৰ বন্যা বোৱা পৰিলক্ষিত হৈছে ৷ জৰাজীৰ্ণ গৃহত ৰ'দ বৰষুণৰ মাজতে দিন অতিবাহিত কৰা এই সকল লোকে পঞ্চায়তলৈ গৈ বহুবাৰ আবেদন নিবেদন কৰাৰ পিচতো নাপালে এটা চৰকাৰী ঘৰ । উল্লেখ্য যে, চূণাজুলি অঞ্চলৰ নিৰু নেওঁগ, প্ৰতিমা গগৈ, পদুমী নেওঁগ, চচিমা ফুকন, মনিমোহন বৰুৱা, প্ৰফুল্ল নেওঁগে অভিযোগ কৰা অনুসৰি পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ৰূপামণি স্বৰ্গীয়াৰীয়ে চৰকাৰী গৃহ আৱন্টনৰ বাবে বিচাৰিছিল পাঁচ হাজাৰ টকা। কিন্তু যেনেতেনে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া এইসকল লোকে টকা দিবলৈ নোৱাৰাত তেওঁলোকে চৰকাৰী ঘৰ নাপালে ৷
ভুক্তভোগী মহিলাই কেমেৰাৰ সন্মুখত কয়, "আমি পঞ্চায়তৰ সদস্যৰ ওচৰলৈ ঘৰ বিচাৰি গ’লে ঘৰ নাপাওঁ ৷ পোৱাই ঘৰ পাইয়েই থাকে ৷ আমাৰ কাষৰে লোকৰ এটা ঘৰ বনাই হোৱাই নাই আকৌ জিঅ’টেগ কৰি আন এটা ঘৰৰ পইচা সোমালেই ৷ পোৱাখিনিয়েই দুটা তিনিটাকৈ ঘৰ পাই ৷ আমিহে এটা নাপাঁও ৷ আমাৰ ঘৰত পঞ্চায়তৰ সদস্যই পইচা বিচাৰি আহিছিল ৷ কিন্তু আমি দিব নোৱাৰিলো ৷ সেইকাৰণে আমাক ঘৰ নিদিলে ৷ ওচৰৰ লোকসকলে পইচা দিব পাৰিলে সেইকাৰণে তেওঁলোকে ঘৰ পালে ৷ আমাক এটা ঘৰৰ বিনিময়ত 5,000 টকাকৈ বিচাৰিছিল ৷ "
কেৱল চৰকাৰী গৃহ বুলিয়েই নহয় একপ্ৰকাৰ সৰ্বতো প্ৰকাৰে অৱহেলিত সীমান্তৱৰ্তী অঞ্চলটোৰ এই সকল লোক। নাই অনাময় ব্যৱস্থা, বিশুদ্ধ খোৱা পানী, সুচল যাতায়ত যোগাযোগ ব্যৱস্থা। অৰুণাচল প্ৰদেশৰ অৰুণাচলী লোকৰ বাগান, নাৰ্ছাৰী আদিত কাম কৰি কোনো মতে দিন অতিবাহিত কৰা এই সকল লোকে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক আহ্বান জনায় ৷
লগতে পঢ়ক: Contractors deprived of fund: ঋণত পোত যোৱা হিমন্ত চৰকাৰৰ ঠিকাদৰক দিবলৈ নাই ধন