ETV Bharat / state

AJYCP reacts on Firing incident: ৰঙা বনাঞ্চলৰ গুলীয়াগুলি ঘটনাক লৈ তীব্র প্ৰতিক্ৰিয়া বিভিন্ন সংগঠনৰ

author img

By

Published : Jul 21, 2022, 10:09 PM IST

অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে সীমা সমস্যা সমাধানৰ কুচ-কাৱাজ চলাই থকাৰ সময়তে পুনৰ উত্তপ্ত হৈ পৰিছে অসম-অৰুণাচল সীমান্ত (Firing incident in Assam Arunachal border) । চৰকাৰে এই সকলোবোৰ দেখি শুনিও এইপৰ্যন্ত নীৰৱে থকাত অসম জাতীয়তাবাদী যুৱ পৰিষদে গৰিহণা দি শীৰ্ঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় । অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে সংগঠনটোৱে (AJYCP reacts on Firing incident in Assam Arunachal border) ৷

AJYCP reacts on Firing incident in Assam Arunachal border
ৰঙা বনাঞ্চলৰ গুলীয়াগুলী ঘটনাৰ তীব্র প্ৰতিক্ৰিয়া বিভিন্ন সংগঠনৰ

লখিমপুৰ, ২১ জুলাই: লখিমপুৰৰ পাঁচখনকৈ সংৰক্ষিত বনাঞ্চলত ভয়াবহ ৰূপত চলিছে বেদখল । সঘনাই সৃষ্টি হৈছে গুলীচালনা, আক্ৰমণৰ ঘটনা । নিৰাপত্তাহীনতাত ভূগিছে সীমান্তৰ অসমীয়া বনকৰ্মী । বুধবাৰে ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰে হোৱা অসমৰ বন কৰ্মীৰ গুলীয়াগুলীৰ ঘটনাই (Firing incident in Assam Arunachal border) পুনৰবাৰ পৰিস্থিতিৰ গভীৰতা প্ৰকাশ কৰিছে । কিয়নো ক্ৰমাৎ ৰণাংগনৰ ৰূপ ধাৰণ কৰিছে লখিমপুৰৰ সংৰক্ষিত বনাঞ্চল সমুহ ।

বেদখলৰ উপৰিও সঘনাই গুলী বাৰুদৰ শব্দই গুজৰি উঠিছে লখিমপুৰৰ সংৰক্ষিত বনাঞ্চলত । বিশেষকৈ বন সুৰক্ষা কৰ্মী আৰু অৰুণাচলীৰে হোৱা সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে । সীমান্ত এলেকাৰ অসম ভূমিত অৰুণাচলীয়ে নিৰ্মাণ অব্যাহত ৰাখিছে গাঁও ভূঁই, অনুষ্ঠান, পথ আদি ৷ এই কাৰ্যক বাধা দিবলৈ গ’লেই বন সুৰক্ষাকৰ্মীৰে প্ৰত্যক্ষ সংঘাতত লিপ্ত হয় অৰুণাচলীসকল (Arunachali aggregation in Lakhimpur) ৷ ইফালে বনাঞ্চল ধ্বংস কৰি চাহ বাগিচা স্থাপনৰ কামো চলাইছে অৰুণাচলীয়ে ।

ৰঙা বনাঞ্চলৰ গুলীয়াগুলি ঘটনাক লৈ তীব্র প্ৰতিক্ৰিয়া বিভিন্ন সংগঠনৰ

এই ক্ষেত্ৰত সীমান্তত থকা অসমীয়াখিনিৰ লগতে বনবিভাগৰ বিষয়া কৰ্মচাৰীসকলো প্ৰায়েই ভাবুকিৰ সন্মুখীন হৈ আহিছে ৷

উল্লেখ্য যে, লখিমপুৰ জিলাৰ পাঁচখনকৈ সংৰক্ষিত বনাঞ্চলৰ ৬৭ কিলোমিটাৰ অংশ অৰুণাচলৰ গাত লাগি আছে । জিলাখনৰ এই বনাঞ্চল কেইখন হ’ল ৯৯ বৰ্গ কিলোমিটাৰৰ দুলুং, ৪৫ বৰ্গ কিলোমিটাৰৰ কাকৈ, ৩৭ বৰ্গ কিলোমিটাৰৰ কদম, ১৬ বৰ্গ কিলোমিটাৰৰ পাভ আৰু ৮৫ বৰ্গ কিলোমিটাৰৰ ৰঙা সংৰক্ষিত বনাঞ্চল (Ranga Resrve Forest) । এই আটাইকেইখনতে দীর্ঘ দিন ধৰি ব্যাপক হাৰত বেদখল চলিছে অৰুণাচলবাসীয়ে ৷

ইফালে জিলাখনৰ এনে উদ্বেগজনক পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ জিলাৰ বন বিভাগটোক এইপৰ্যন্ত শক্তিশালী কৰি তোলা নাই চৰকাৰে ৷ সম্প্ৰতি বন বিভাগৰ ৫৫ শতাংশ পদ খালি হৈ আছে । ফলত মাথোঁ ৪৫ শতাংশ কৰ্মচাৰীৰে বিভাগটোৱে কাৰ্যালয় পৰিচালনা কৰাৰ লগতে বনাঞ্চল ৰক্ষা কৰা, বেদখল ৰোধ কৰা আদি কামত যুঁজ দিবলগীয়া হৈছে ।

চৰকাৰে এই সকলোবোৰ দেখি শুনিও এইপৰ্যন্ত নীৰৱে আছে ৷ যাৰ বাবে বিভিন্ন সংগঠনে চৰকাৰৰ এনে চকু মুদা কুলিৰ দৰে ভূমিকাক কঠোৰ সমালোচনা কৰিছে । সমান্তৰালভাৱে অসম জাতীয়তাবাদী যুৱ পৰিষদেও চৰকাৰৰ ভূমিকাক গৰিহণা দি শীৰ্ঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় (AJYCP reacts on Firing incident in Assam Arunachal border) । অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে সংগঠনটোৱে ৷

লগতে পঢ়ক: Firing in Lakhimpur: ৰঙা বনাঞ্চলত বন বিভাগ-অৰুণাচলীৰ গুলীয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.