ETV Bharat / state

শুকুৰবাৰে গঠন কৰা হ'ল এজেপিৰ লখিমপুৰ জিলা সমিতি

author img

By

Published : Jan 29, 2021, 8:52 PM IST

অসম জাতীয় পৰিষদৰ লখিমপুৰ জিলাৰ প্ৰথমখন অভিবর্তন শুকুৰবাৰে নাওবৈচাৰ শান্তি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । মহেশ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিবর্তনত এজেপিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অচ্যুত শইকীয়াই অংশ গ্ৰহণ কৰে । অভিবর্তনতে এজেপিৰ লখিমপুৰ জিলা সমিতিখন গঠন কৰা হয় ।

ajps-lokhimpur-district-committee-was-formed-on-friday
শুকুৰবাৰে গঠন কৰা হ'ল এজেপিৰ লখিমপুৰ জিলা সমিতি

নাওবৈচা, ২৯ জানুৱাৰী: সমাগত ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাবলৈ ধৰিছে । শাসকীয় বিজেপি দলকে ধৰি অগপ, কংগ্ৰেছকে ইতিমধ্যে জিলাখনৰ চাৰিটা বিধান সভা সমষ্টিত নিজা নিজা সাংগঠনিক ভেটি সুদৃঢ় কৰি নিৰ্বাচনলৈ টঙালি বান্ধিছে ।

শেহতীয়াকৈ আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰষত জন্ম লাভ কৰা অসম জাতীয় পৰিষদ দলেও জিলাখনত নিজা সাংগঠনিক ভেটি শক্তিশালী কৰাত উঠি পৰি লাগিছে। "অসম প্ৰথম ,সদায় আৰু চিৰদিন" এই মূল লক্ষ্যৰে যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দি ৰাজ্যত পুনৰ বাৰ অঞ্চলিকতাবাদৰ ভেটি প্ৰতিষ্ঠা কৰা বাবে দলটোৱে ইতিমধ্যে ৰাজ্যৰ ১২৬ টা সমষ্টিতে দলটোৰ ভেটি সুদৃঢ় কৰাত উঠি পৰি লাগিছে ।

মূলতঃ সমাগত বিধান সভা নিৰ্বাচনক লৈয়ে অসম জাতীয় পৰিষদৰ লখিমপুৰ জিলাৰ প্ৰথমখন অভিবর্তন শুকুৰবাৰে নাওবৈচাৰ শান্তি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । এজেপিৰ লখিমপুৰ জিলাৰ মুখ্য আহ্বায়ক মহেশ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিবর্তনত এজেপিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অচ্যুত শইকীয়াই অংশ গ্ৰহণ কৰে ।

ভাষণ প্ৰসংগত অচ্যুত শইকীয়াই বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লয় । এতিয়া অসমৰ ৰাইজে বিজেপিক ফাঁকি আৰু প্ৰতাৰক বুলি গম পাইছে আৰু প্ৰতিজন অসমীয়াই জাতি বচাবৰ বাবে জাতীয় পৰিষদ গ্ৰহণ কৰিছে বুলি ভাষণ প্ৰসংগত অচ্যুত শইকীয়াই মন্তব্য প্ৰকাশ কৰে ।

অভিবর্তনত অংশ গ্ৰহণ কৰি এজেপিৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদিকা লাকীমণি বৰুৱাই এজেপি দলে অসমৰ যুৱ প্ৰজন্মক প্ৰথম অগ্ৰাধিকাৰ দি অসমত পুনৰ বাৰ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব বুলি স্পষ্ট মত প্ৰকাশ কৰে ৷ সুদীৰ্ঘ কাল ৰাষ্ট্ৰীয়তাবাদী দলৰ চৰকাৰসমূহে অসমক কৰি অহা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ উচিত প্ৰত্যুত্তৰ অসমৰ ৰাইজে আগন্তুক নিৰ্বাচন দিব বুলি লাকীমণি বৰুৱাই মন্তব্য প্ৰকাশ কৰে ৷

অভিবর্তনত এজেপিৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হৰেন চুতীয়া, সম্পাদিকা পুতলী কায়স্থ, সাংগঠনিক সম্পাদক কৃষ্ণ দাস, চন্দন সন্দিকৈ, ৰাজ্যিক আহ্বায়ক গীতাঞ্জলি হাজৰিকা, প্ৰদীপ বৰুৱা, ৰূপাংকৰ বৰা, ফণীন্দ্ৰ নেওগ, নিবিত শইকীয়া, লখিমপুৰ জিলা মুখ্য আহ্বায়ক সুৰজিৎ ভূঞা, দয়ানন্দ গোস্বামী, বিজয় দেউৰী আদি উপস্থিত থাকে ৷

শুক্ৰবাৰৰ অভিবর্তনতে এজেপিৰ লখিমপুৰ জিলা সমিতিখন গঠন কৰা হয় । সমিতিখনৰ বাবে দয়ানন্দ শইকীয়াক সভাপতি হিচাপে নিৰ্বাচিত কৰা বিপৰীতে যুটীয়া সম্পাদকৰ নিৰ্বাচনৰ ক্ষেত্ৰৰ তীব্র বাক বিতণ্ডাৰ পৰিপ্ৰেক্ষিত বিষয়টো সমাধানৰ বাবে কেন্দ্ৰীয় সমিতিৰ সভাপতিলৈ প্ৰেৰণ কৰা হয় । যুটীয়া সম্পাদকক বাদ দি গঠন কৰা হয় ৫১ জনীয়া জিলা সমিতিখন ।

লগতে পঢ়ক : ৰাইজৰ দলেৰে মিত্ৰতা নিশ্চিত এজেপিৰঃ দুলু আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.