বিহপুৰীয়া,11 মাৰ্চ: প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলসমূহে তৎপৰতা বৃদ্ধি কৰাৰ সমান্তৰালকৈ বিহপুৰীয়া সমষ্টিতো বিভিন্ন দলসমূহ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ সমষ্টিটোত অন্যান্য ৰাজনৈতিক দলসমূহৰ লগতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অচ্যুত শইকীয়াই ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । দলীয় সমৰ্থকসকলক লগত লৈ ইতিমধ্যে প্ৰাৰ্থী গৰাকীয়ে গাঁৱে-ভূঞে প্ৰচাৰ চলাইছে ৷ সমান্তৰালকৈ বৃহস্পতিবাৰে নাৰায়ণপুৰৰ চৌদ্ধপুনিয়াস্থিত বিষ্ণুজ্যোতি ৰংগমঞ্চৰ প্ৰেক্ষাগৃহত এখন বিশাল অনুষ্ঠিত কৰে প্ৰাৰ্থী গৰাকীয়ে ।
বিহপুৰীয়া সমষ্টিৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী অচ্যুত শইকীয়া উপস্থিত থকা সভাখনতে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি অৱশেষত হতাশ হোৱা যুৱ নেতা মিলন বৰাই সদলবলে এজেপি দলত যোগদান কৰে ৷ বৰাৰ উপৰিও বিজেপি, কংগ্ৰেছ আৰু অগপৰ পৰা আহি শতাধিক নেতা-সমৰ্থকে অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে । অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতা গোলাপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাষণ প্ৰদান কৰি বিহপুৰীয়া সমষ্টিত এইবাৰ স্থানীয় আৰু বহিৰাগতৰ মাজত যুঁজ হ'ব বুলি উল্লেখ কৰাৰ লগতে অসম জাতীয় পৰিষদৰ জয়লাভ নিশ্চিত বুলি দাবী কৰে অচ্যুত শইকীয়াই । আনহাতে সদ্য প্ৰাক্তন বিজেপিৰ যুৱ নেতা মিলন বৰাই এজেপিত যোগদান কৰিয়েই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ৷
লগতে পঢ়কঃ ৰাইজৰ দলে প্ৰকাশ কৰিলে 'ভিজন ডকুমেণ্ট'