ETV Bharat / state

AGP leader joins BJP: অগপ এৰি বিজেপিত যোগদান অগপৰ জ্যেষ্ঠ নেতা কেশৰাম বৰাৰ - বিজেপিত যোগদান কেশৰাম বৰাৰ

সোমবাৰে অগপ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে দলৰ উপ সভাপতি তথা বিহপুৰীয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই (AGP leader Kesharam Bora joins BJP) ৷ আগন্তুক ঠেঙাল কচাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত লোৱা বুলি চলিছে চৰ্চা ৷

agp-leader-kesharam-bora-joins-bjp
AGP leader joins BJP: অগপ এৰি বিজেপিত যোগদান অগপৰ জেষ্ঠ্য নেতা কেশৰাম বৰাৰ
author img

By

Published : Dec 27, 2021, 10:26 PM IST

বিহপুৰীয়া, 27 ডিচেম্বৰ : অসম গণ পৰিষদ দলৰ উপ সভাপতি তথা বিহপুৰীয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই সোমবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে অগপ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে(AGP leader Kesharam Bora joins BJP) ৷ এসময়ত অসম গণ পৰিষদ দলৰ দুৰ্গ হিচাপে পৰিচিত বিহপুৰীয়া বিধানসভা সমষ্টিত বিগত সময়ত কেশৰাম বৰাই সৱল নেতৃত্ব বহন কৰি আহিছিল ৷ অৱশেষত সোমবাৰে গণ পৰিষদ দল ত্যাগ কৰি অগপ নেতা গৰাকীয়া গেৰুৱা দলটোত যোগদান কৰে ৷

অগপ নেতাজনক আদৰণি জনোৱাৰ বাবেই বিহপুৰীয়াৰ বিজেপি কাৰ্যালয়ত এক যোগদান কাৰ্যসূচী ৰূপায়ন কৰে বিহপুৰীয়া বিজেপিয়ে ৷ বিহপুৰীয়াৰ বৰ্তমানৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা(MLA Amiyo kumar Bhuyan)ৰ উপস্থিতিত অনুপস্থিত এই যোগদান কাৰ্যসূচীত কেশৰাম বৰা সহ আৰু কেইবাগৰাকীও অগপ কৰ্মীয়ে দল ত্যাগ কৰি গেৰুৱা দলটোত যোগদান কৰে । দলীয় প্ৰতীক সম্বলিত টুপী আৰু গামোচাৰে কেশৰাম বৰা সহ আন নেতা কৰ্মী সকলক বিধায়ক অমিয় ভূঞাই আদৰণি জনায় ৷

অগপ এৰি বিজেপিত যোগদান অগপৰ জেষ্ঠ্য নেতা কেশৰাম বৰাৰ

ৰাষ্ট্ৰীয় দলটোত যোগদান কৰি নেতা গৰাকীয়ে কয়, ''৪০ টা বছৰে আঞ্চলিক দলত থাকি ৰাইজৰ সেৱা আগবঢ়ালো যদিও জীৱনৰ বাকী থকা দিনবোৰ বিজেপিত থাকি ৰাইজৰ সেৱা আগবঢ়াব বিচাৰো, দলটোৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ বিজেপিত যোগদান কৰিছোঁ ৷ দলে যি দ্বায়িত্ব অৰ্পন কৰে তাকে নিষ্ঠাৰে কৰি যাম ।''

এই কাৰ্যসূচীত বিধায়ক অমিয় কুমাৰ ভূঞাই কয়, বিহপুৰীয়াত এতিয়া বিজেপিৰ লহৰ উঠিছে । বিগত দিনবোৰত বিভিন্ন দলৰ পৰা বহু নেতাই বিজেপিত যোগদান কাৰ্যসূচীয়ে তাকেই প্ৰমাণ কৰে বুলি মত আগবঢ়াই তেওঁ ৷ ইপিনে, আগন্তুক ঠেঙাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে অগপৰ নেতা গৰাকীয়ে যোগদান কৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে । কাৰণ মিত্ৰজোট হিচাপে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ লগে ভাগে বিগত সময়ত কাম কৰি গৈছিল প্ৰাক্তন বিধায়ক তথা অগপ নেতা কেশৰাম বৰাই ৷

তেনে ক্ষেত্ৰত প্ৰাক্তন বিধায়ক গৰাকীয়ে বিজেপিত নতুনকৈ যোগদান কৰা বিষয়টোৱে বিভিন্ন ক্ষেত্ৰত চৰ্চাৰ বিষয় হৈ পৰাৰ সমান্তৰালভাৱে আগন্তুক ঠেঙাল কচাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনত (Thengal kachari autonomous council election) অৱতীৰ্ণ হোৱাৰ মন মেলিয়েই প্ৰাক্তন বিধায়ক কেশৰাম বৰাই ততাতৈয়াকৈ বিজেপিত যোগদান কৰিলে বুলি মত পোষণ কৰিছে একাংশই । অৱশ্যে প্ৰাক্তন অগপ নেতা তথা ন-বিজেপি কেশৰাম বৰাই সাংবাদিকৰ সন্মুখত এই প্ৰশ্নৰ উত্তৰত কয়, ''আগন্তুক সময়ত দলে যি দায়িত্ব দিয়ে সেই দায়িত্বকে পালন কৰিম'' ৷

লগতে পঢ়ক : কিয় একালৰ আছুৰ একেখন কেন্দ্ৰীয় সমিতিৰ সতীৰ্থই লুৰীণক বুলিলে Flop master ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.