ETV Bharat / state

মন পছন্দৰ প্ৰাৰ্থীক কাষত পায় উৎফুল্লিত লখিমপুৰবাসী

author img

By

Published : Mar 7, 2021, 10:21 PM IST

লখিমপুৰত দেওবাৰে অগপ-বিজেপি প্ৰাৰ্থী সমষ্টি আগমন উপলক্ষে কৰ্মীৰ মাজত আনন্দ উল্লাসৰ বন্যা ৷ লখিমপুৰ নাওবৈচা সমষ্টিত প্ৰাক্তন মন্ত্ৰী ভৰত নৰহক প্ৰাৰ্থীত্ব দিব বুলি জানি একাংশ দলীয় কৰ্মীয়ে বিৰুদ্ধাচৰন একাংশ দলীয় কৰ্মীৰ মাজত ৷

প্ৰতিবাদত উত্তাল নাওবৈচা সমষ্টি
প্ৰতিবাদত উত্তাল নাওবৈচা সমষ্টি

লখিমপুৰ, 7মাৰ্চঃ লখিমপুৰত দেওবাৰে অগপ-বিজেপিৰ মাজত আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে ৷ কিয়নো দলীয় টিকট লাভ কৰিয়েই দেওবাৰে লখিমপুৰত উপস্থিত হয় লখিমপুৰ সমষ্টিৰ অগপৰ প্ৰাৰ্থী উৎপল দত্ত আৰু ঢকুৱাখনা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলে । মন পছন্দৰ প্ৰাৰ্থীক কাষত পায় আনন্দিত লখিমপুৰবাসী ৷ দুয়ো গৰাকী প্ৰাৰ্থীক শ শ দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনাই ঢোলে-দগৰে আদৰণি জনায় সমষ্টিবাসীয়ে ৷

মন পছন্দৰ প্ৰাৰ্থীক কাষত পায় উৎফুল্লিত লখিমপুৰবাসী

উল্লেখ্য যে, এইবাৰ লখিমপুৰ সমষ্টিত অগপৰ প্ৰাৰ্থী উৎপল দত্ত আৰু বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকাই বন্ধুত্ব সুলভ ভাৱে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ব ৷ আনহাতে, সমষ্টিৰ উন্নয়নত ব্যৰ্থতাৰ বাবে বিগত কিছু দিনৰ পৰা অগপৰ প্ৰাৰ্থী উৎপল দত্ত সমষ্টিৰ একাংশ ৰাইজৰ ৰোষত পৰিছিল । সমষ্টিৰ বহু ঠাইত তেওঁৰ প্ৰৱেশত বাধাও প্ৰদান কৰিছিল ৰাইজে ।

ইফালে কংগ্ৰেছ দলে দেওবাৰৰ দিনটোত দলীয় কৰ্মীৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিভিন্ন অঞ্চল । লখিমপুৰ নাওবৈচা সমষ্টিত প্ৰাক্তন মন্ত্ৰী ভৰত নৰহক প্ৰাৰ্থীত্ব দিব বুলি জানি একাংশ দলীয় কৰ্মীয়ে বিৰুদ্ধাচৰন কৰাও পৰিলক্ষিত হৈছে ।

বিগত সময়ত সমষ্টি উন্নয়ত ব্যৰ্থতা প্ৰৰ্দশন কৰা নেতাৰ মুখত নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত পুনৰ বাৰ আখৈ ফুটা দি ফুটা পৰিলক্ষিত হৈছে সমষ্টি উন্নয়নৰ শ্লগান । দিছে অলেখ প্ৰতিশ্ৰুতিও । পিছে ৰাইজে এনে প্ৰতিশ্ৰুতি কিমান দূৰ গ্ৰহণ কৰে, সেইয়া নিৰ্বাচনী ফলাফলতহে পৰিষ্কাৰ হ’ব ।

লগতে পঢ়কঃ অগপৰ শেহতীয়া স্থিতি সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.