ETV Bharat / state

লখিমপুৰত চাহ জনজাতি ছাত্র সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ - অসম চাহ

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল লখিপুৰৰ ৰাজপথ । জনজাতিৰ মৰ্যাদা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদান কৰাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠটোৱে ।

লখিমপুৰত চাহ জনজাতি ছাত্র সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Dec 14, 2020, 10:01 PM IST

নাওবৈছা, ১৪ ডিচেম্বৰ : দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত লখিমপুৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । সোমবাৰে সংগঠনটোৰ লখিমপুৰ জিলাৰ সমিতিৰ উদ্যোগত নাওবৈচা, বিহপুৰীয়া, ঢকুৱাখনা আৰু লখিমপুৰ শাখা সমিতিৰ সহযোগত চাহ জনগোষ্ঠীৰ লোকসকলৰ সমস্যা সমাধানৰ দাবী জনাই নগৰৰ ঘাইপথৰ মাজেৰে জিলা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিওৱা হয় ।

লখিমপুৰত চাহ জনজাতি ছাত্র সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ
লখিমপুৰত চাহ জনজাতি ছাত্র সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদান কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । অসম চৰকাৰৰ গ' বেক, সৰ্বানন্দ সোণোৱাল মুর্দাবাদ, বিজেপি চৰকাৰ হাই হাই, অসম চৰকাৰৰ হাই হাই আদি শ্ল'গানেৰে লখিমপুৰৰ ৰাজপথ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আৰু জিলা অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:কৃষি আইন বাতিলৰ দাবীত বিক্ষোভ প্ৰদৰ্শন নিখিল ভাৰত কৃষক সভাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.