ETV Bharat / state

Press Meet of AASCSU :অনুসূচিত জাতিৰ ৮ জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ

author img

By

Published : Aug 11, 2023, 6:20 PM IST

অনুসূচিত জাতিৰ সংৰক্ষিত আসনৰ পৰা প্ৰতিনিধিত্ব কৰা আঠজনকৈ জনপ্ৰতিনিধিয়ে প্ৰতাৰণা কৰিছে অনুসূচিত জাতিক । অনুসূচিত জাতি ছাত্র সন্থাৰ ক্ষোভ । জাতিটোৰ বাবে সংৰক্ষিত আঠটাকৈ সমষ্টিৰ পৰা নিৰ্বাচিত আঠজন জনপ্ৰতিনিধিয়ে অনুসূচিত জাতিক প্ৰতাৰণা কৰিছে ।

Press Meet of AASCSU in Lakhimpur
সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা
সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা

লখিমপুৰ, ১১আগষ্ট: অসম বিধান সভাৰ আঠখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত । এই সংৰক্ষিত আসনৰ পৰা বিজয়ী হোৱা আঠজনকৈ জনপ্ৰতিনিধিয়ে প্ৰতাৰণা কৰিছে অনুসূচিত জাতিক। এই অভিযোগ তুলি শুকুৰবাৰে লখিমপুৰত এখন সংবাদমেল সম্বোধন কৰে সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে । শুকুৰবাৰে লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত অনুসূচিত জাতি ছাত্র সন্থাৰ জিলা সভাপতি পাৰ্থ দাস আৰু সম্পাদক অভিজিত দাসে উত্থাপন কৰিছে এই অভিযোগ ।

অনুসূচিত জাতি ছাত্র সন্থাৰ জিলা সভাপতি পাৰ্থ দাস আৰু সম্পাদক অভিজিত দাসে কয় যে বিধানসভাৰ মজিয়াত অনুসূচিত জাতিৰ উন্নয়নৰ হকে এবাৰো মাত দিয়া নাই জন প্ৰতিনিধি কেইজনে । অন্য জাতি জনগোষ্ঠীৰ নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁলোকৰ জাতি বা জনগোষ্ঠীৰ উন্নয়নৰ হকে বিধানসভাৰ ভিতৰে বাহিৰে যিদৰে সততে সৰব হৈ আহিছে তাৰ বিপৰীতে অনুসূচিত জাতিৰ জন প্ৰতিনিধি কেইজন নীৰৱ । অনুসূচিত জাতিৰ সংৰক্ষিত আসনৰ পৰা নিৰ্বাচিত হৈ তেওঁলোকে অনুসূচিত জাতিক প্ৰতাৰণা কৰিছে বুলি কয় অনুসূচিত জাতি ছাত্র সন্থাৰ জিলা সভাপতি পাৰ্থ দাস আৰু সম্পাদক অভিজিত দাসে ।

সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি পাৰ্থ দাসে সংবাদমেলখনত কয় যে জনপ্ৰতিনিধি কেইজনৰ এনে নীৰৱ ভূমিকাৰ বাবে চৰকাৰে আৰু অনুসূচিত জাতিৰ উন্নয়নৰ বাবে বিশেষ একো নকৰাকৈ আছে । অনুসূচিত জাতিৰ ছাত্র-ছাত্রীৰ বাবে প্ৰদান কৰা জলপানী ২০১৩ চনৰ পৰা বন্ধ হৈ আছে । প্ৰায় দহটা বছৰে অনুসূচিত জাতিৰ লাখ লাখ ছাত্র -ছাত্রী শিক্ষানুষ্ঠানৰ পৰা জলপানীৰ ধন নোপোৱাকৈয়ে থাকিল । এই দহ বছৰে অনুসূচিত জাতিৰ ছাত্র -ছাত্রীৰ জলপানীৰ ধন কলৈ গ'ল বুলি তেওঁলোকে চৰকাৰক প্ৰশ্ন উত্থাপন কৰে ।

সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি পাৰ্থ দাসে পুনৰ কয় যে বিগত তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ দিনত অনুসূচিত জাতিৰ শিক্ষিত নিবনুৱাক ২৫ হেজাৰকৈ টকা স্বনির্ভৰ হ'বৰ বাবে প্ৰদান কৰাৰ কথা ঘোষণা কৰি মুৰকত কেইজনমানক মাথো পাঁচ হেজাৰ টকা দিয়ে । চৰকাৰৰ এনে কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে অনুসূচিত জাতিৰ কৃষকৰ উন্নয়নৰ নামত পাঁচখন ট্ৰেক্টৰ দিয়া আদি সামগ্রীকভাৱে চৰকাৰে এই জাতিক প্ৰতাৰণা কৰা বুলি তেওঁ ক্ষোভ প্রকাশ কৰে ।

অনুসূচিত জাতিৰ চাকৰিৰ সংৰক্ষণৰ বেলিকাও চৰকাৰী নিয়ম উলংঘা কৰা বুলি ক্ষোভ প্রকাশ কৰি তেওঁ অনুসূচিত জাতিৰ সংৰক্ষিত আসনৰ পৰা নিৰ্বাচিত ৰঞ্জিত কুমাৰ দাস, পীয়ুষ হাজৰিকা, পৰিমল শুক্লবৈদ্য আদি মন্ত্রী বিধায়ক সকলক সমালোচনা কৰে । অনুসূচিত জাতিক প্ৰতাৰণা কৰা বাবে তেওঁলোকে অনুসূচিত জাতিৰ সংৰক্ষিত আসন ত্যাগ কৰি অন্য সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ দাবী জনায় সন্থাৰ জিলা সভাপতিগৰাকীয়ে । উক্ত সংবাদমেলখনত অনুসূচিত জাতি ছাত্র সন্থাৰ জিলা সভাপতিৰ লগতে সম্পাদক অভিজিত দাস, সাংগঠনিক সম্পাদক জিতুল দাস, বিত্ত সম্পাদক প্ৰমোদ দাস আদিয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:Swachh Bharat Abhiyan:সৰুপথাৰ গাওঁৰক্ষী বাহিনীৰ স্বচ্ছ ভাৰত অভিযা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.