লখিমপুৰ, 7 জুন: জনজাতিকৰণৰ দাবীত বুধবাৰে লখিমপুৰত আদিবাসী ছাত্ৰ সন্থা তথা আছাই গ্ৰহণ কৰে প্ৰতিবাদী সমদল, ধৰ্ণা কাৰ্যসূচী ৷ জনজাতিকৰণৰ দাবীত লখিমপুৰত আদিবাসী ছাত্ৰ সন্থা, আছাৰ প্ৰতিবাদী সমদল, ধৰ্ণা কাৰ্যসূচী ৷ আদিবাসী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে বুধবাৰে আদিবাসী সকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত লখিমপুৰ নগৰত প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (AASAA protest demanding ST status in Lakhimpur) ৷
লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত সমবেত হৈ আছাৰ নেতৃত্বত কেইবা শ আদিবাসী লোকে প্ৰতিবাদী সমদল কৰি আহি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে উত্তাল পৰিবেশ সৃষ্টি কৰে ৷ প্ৰতিবাদ থলীত আছাৰ নেতৃত্বই ক্ষোভ উজাৰি কয় যে, দেশৰ বিভিন্ন ৰাজ্যত আদিবাসী সকলক জনজাতিৰ মৰ্যাদা দিয়া হ’ল যদিও অসমত আজিলৈকে দিয়া নাই (AASAA protest demanding ST status) ৷
নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ক্ষমতা লৈ আহিলে আদিবাসী সকলক জনজাতিৰ মৰ্যাদা দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনৰ পাছত সেই প্ৰতিশ্ৰুতি পাহৰি গ’ল বিজেপিয়ে ৷ এনে প্ৰতিশ্ৰুতিৰে 80 লাখ আদিবাসীৰ ভোট লৈ বিজেপিয়ে তেওঁলোকক প্ৰতাৰণা কৰিলে বুলি ক্ষোভ প্ৰকাশ কৰি আছাৰ নেতৃত্বই সোনকালেই আদিবাসী সকলক জনজাতিৰ মৰ্যাদা নিদিলে জংগী আন্দোলনৰ পাতনি মেলাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন বৰ্জন কৰিব বুলি হুংকাৰ দিয়ে (AASAA protest in Lakhimpur) ৷
প্ৰতিবাদকাৰী সকলে লগতে বনাঞ্চলত বসবাস কৰা আদিবাসী সকলক মাটিৰ পট্টা দিয়া, আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰাৰ লগতে আদিবাসী সকলক অন্য চিনাকিৰ পৰিৱৰ্তে আদিবাসী বুলিহে প্ৰমাণ পত্ৰ দিয়াৰ দাবী জনায় ৷ প্ৰতিবাদকাৰী সকলে উপায়ুক্তৰ জৰিয়তে এই দাবী সমূহ পূৰণৰ বাবে প্ৰতিবাদস্থলীৰ পৰাই মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে (All Adivasi Students Association of Assam AASAA) ৷