লখিমপুৰ, 15 জুন : ৰাজ্যজুৰি অব্যাহত থকা ক'ভিডৰ ভয়াৱহতাৰ মাজতে লখিমপুৰ তথা সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াই আনিছে জিলাখনৰ বৰবিল মিচিং গাঁৱৰ এজন কিশোৰে ৷ যোগ চৰ্চাৰে অসম বুক অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে এইগৰাকী কিশোৰে ৷ যোৱা 15 মে'ত অনুষ্ঠিত হোৱা যোগ দৰ্শন কাৰ্যসূচীত একেৰাহে 25 মিনিট ধৰি একে মুদ্ৰাৰ আসন ধৰি ৰাখি এই ৰেকৰ্ড গঢ়িছে লখিমপুৰৰ বৰবিল মিচিং গাঁৱৰ তৰুণ পায়েং আৰু ৰীমা পায়েঙৰ পুত্ৰ জয়লক্ষী পায়েঙে ৷
উল্লেখ্য যে ,আনুষ্ঠানিক শিক্ষা অথবা কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে কেৱল নিজৰ সাধনাৰ বলতে পটু হৈ পৰা জয়লক্ষীয়ে এই সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে ৷ যোগৰ জৰিয়তে এখন সুস্থ, স্বাস্থ্যৱান সমাজ গঢ় দিবলৈ ৰাইজলৈ আহ্বান জয়লক্ষীৰ ৷
লগতে যোগৰ মাধ্যমেৰে নিজক প্ৰতিষ্ঠা কৰি বিশ্ব দৰবাৰলৈ যোৱাৰ মন জয়লক্ষীৰ ৷ জয়লক্ষীৰ নিৰলস সাধনাই স্বীকৃতি পোৱাৰ বাবে লখিমপুৰৰ ৰাইজে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছে ৷
লগতে পঢ়কঃ যৌতুক বিচাৰি পত্নীক হত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত স্বামীৰ