ETV Bharat / state

Village tourism: গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰে গ্ৰাম্যানুভূতিক সজাইছে দিকপল লাহনে - গ্ৰাম্যানুভূতিক সজাইছে দিকপল লাহনে

‘গ্ৰাম্যানুভূতি’ ৷ যাৰ নামতেই আছে গ্ৰামাঞ্চলৰ অনুভূতি ৷ যিয়ে গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰিবলৈ সক্ষম হৈছে । ‘গ্ৰাম্যানুভূতি’ৰ কথাৰে আজিৰ প্ৰতিবেদন (A village in Lakhimpur for the hope of tourism)৷

A village in Lakhimpur for the hope of tourism
গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰ দুৱাৰ
author img

By

Published : May 7, 2023, 2:28 PM IST

Updated : May 7, 2023, 6:49 PM IST

গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰে গ্ৰাম্যানুভূতিক সজাইছে দিকপল লাহনে

লখিমপুৰ, 7 মে’ : দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লখিমপুৰৰ এখন গাঁও । এই গাঁওখনত থকা গ্ৰাম্যানুভূতি নামৰ এক চৌহদে এতিয়া সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । এগৰাকী উদ্যোগী যুৱকে নিজ প্ৰচেষ্টাত অতীজৰ সেই গ্ৰাম্য সমাজৰ প্ৰতিচ্ছবি ধৰি ৰাখিবলৈ চেষ্টা কৰিছে ৷ যুৱকগৰাকীৰ সেই প্ৰচেষ্টাই মেলি দিছে গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰ দুৱাৰ (A village in Lakhimpur for the hope of tourism)।

দিকপল লাহন; গ্ৰাম্য পৰ্যটনৰ নতুন ধাৰা সৃষ্টিত মগ্ন লখিমপুৰৰ এইগৰাকী দিকপল লাহন । আধুনিকতাৰ ধামখুমীয়াৰ পৰা অতীত গ্ৰাম্য সমাজৰ প্ৰতিচ্ছবি ধৰি ৰাখি মেলিছে পৰ্যটন সম্ভাৱনীয়তাৰ দুৱাৰ । অতীজৰ অসমীয়া গ্ৰাম্য সমাজখনৰ কৃষি, মৎস্য চিকাৰ, বিনোদনকে ধৰি জীৱন নিৰ্বাহ প্ৰণালীত ব্যৱহৃত সা-সামগ্ৰীৰ প্ৰতি আকৃষ্ট লখিমপুৰৰ এজন যুৱক । চহা সমাজখনৰ সামগ্ৰীক পৰিৱেশ, সা-সম্পদৰ প্ৰতি বাৰুকৈয়ে আকৃষ্ট যুৱকৃজন ।

আধুনিক শিক্ষাৰে শিক্ষিত হৈয়ো তেওঁ পুৰণি অসমীয়া গ্ৰাম্য সমাজখনৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰিছিল । সেয়ে তেওঁ এপদ দুপদকৈ পুৰণি অসমীয়া সমাজৰ সা সামগ্ৰীসমূহ সংগ্ৰহ কৰি তেওঁৰ অতিথি কোঠাত সজাবলৈ ল’লে । সেয়াই আৰম্ভণি । তেওঁৰ এই ক্ষুদ্ৰ সংগ্ৰহালয় চাবলৈ ৰাইজৰ সোঁত ব’বলৈ ল’লে । যাৰ বাবে উৎসাহিত হৈ পৰিল যুৱকজন ।

এইবাৰ তেওঁ দুগুণ উৎসাহেৰে অতীজ সমাজখনৰ সা সামগ্ৰী সংগ্ৰহ কৰাই নহয়, তেওঁ নিজৰ চৌহদটোকে সজাই পেলালে পৌৰাণিক অসমীয়া সমাজৰ পৰশ দি । নাম দিলে গ্ৰাম্যানুভূতি । গ্ৰাম্যানুভূতিৰ স্ৰষ্টা লখিমপুৰৰ এই যুৱকজন হ’ল নগৰৰ সমীপৰ লাহন গাঁৱৰ দিকপল লাহন ।

দিকপলে গ্ৰাম্যানুভূতিৰ জৰিয়তে ক্ৰমে গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰ দিশত কাম কৰিবলৈ ল’লে । স্থানীয় ৰাইজৰ লগতে এজন দুজনকৈ পৰ্যটকেও ভৰি থ’লে গ্ৰাম্যানুভূতিত । এতিয়া গ্ৰাম্যানুভূতিৰ নাম ৰৈ বৈ যোৱাৰ পৰ্যায়ত উপনীত হৈছে । দেশী বিদেশী পৰ্যটকৰ আগমণে সেই কথাই প্ৰমাণ কৰিছে । সেয়ে দুগুণ উৎসাহেৰে দিকপলে কাম কৰি গৈছে ।

অতীজৰ গ্ৰাম্য সমাজৰ প্ৰতিচ্ছবি বিদেশৰ লোকৰ আগতো নিতোল ৰূপত তুলি ধৰি গ্ৰাম্য পৰ্যটন আৰু বহু লোকৰ নিয়োগৰ সম্ভাৱনাৰে কৰ্মত ব্ৰতী দিকপল লাহন । আধুনিক শিক্ষাৰে শিক্ষিত হৈ, আধুনিক বৃত্তিগত কৰ্মত নিজকে ব্ৰতী ৰাখিও দিকপলে আন দহজন যুৱকৰ দৰে সময়ৰ সোঁতত উটি যোৱাৰ বিপৰীতে অতীজৰ চহা সমাজ খনক ধৰি ৰাখি এক নিদৰ্শন দাঙি ধৰিছে ৷ দিকপলৰ এই পদক্ষেপ সঁচাই অতি প্ৰশংসনীয় ৷

লগতে পঢ়ক : Cultivation of silkworms : পুৰণিকলীয়া পদ্ধতিৰে আজিও পলুখেতি কৰা খেতিয়কৰ গাঁথা

Last Updated : May 7, 2023, 6:49 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.