বিহপুৰীয়া, 19 আগষ্ট : জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত ধৰাশায়ী হৈ বিহপুৰীয়াৰ জৱাহৰ নবোদয় বিদ্যালয়ত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই এতিয়া মৃত্যুৰ সৈতে যুঁজিব লগা হৈছে(Jawahar Navodaya Vidyalaya in Lakhimpur) ৷ মাজুলীৰ প্ৰাগজ্যোতি দলে নামৰ দশম শ্ৰেণীৰ ছাত্ৰগৰাকী দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ এতিয়া ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজিব লগা হৈছে ৷ 15 আগষ্টৰ বিয়লি স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়খনত অনুষ্ঠিত কাবাদী খেলত দ্বাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল প্ৰাগজ্যোতি দলে ৷
জ্যেষ্ঠ ছাত্ৰজনৰ আক্ৰমণৰ বলি হৈ এতিয়া ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজিব লগা হৈছে প্ৰাগজ্যোতি দলে(Brutal torture with Student of JNV) ৷ আনহাতে বিদ্যালয় কৰ্তৃপক্ষয়ো সামান্য আঘাত বুলি বিহপুৰীয়া স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰাই অভিভাৱকক খবৰ দি দায়িত্ব সামৰাৰ অভিযোগ উঠিছে ৷ ছাত্ৰজনক পিতৃয়ে প্ৰথমে লখিমপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও ছাত্ৰজনৰ অৱস্থা দ্ৰুত অৱনতি ঘটাত 16 আগষ্টত নিশা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ৷
সংকটজনত অৱস্থাত থকা ছাত্ৰজনৰ পেটত এতিয়া অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব ৷ ছাত্ৰজনৰ অভিভাৱকৰ দাবী জ্যেষ্ঠ ছাত্ৰই পৰিকল্পিতভাৱে আঘাত কৰে ছাত্ৰজনক(Student critically injured after being beaten by Senior students) ৷ আনহাতে বিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে ছাত্ৰজনে মৃত্যুৰে যুঁজিব লগা হৈছে ৷ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ICU ভৰ্তি হৈ থকা ছাত্ৰজনক উন্নত চিকিৎসা কৰিবলৈ পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰিব লগাত পৰিছে ৷ তথাপিও কাণষাৰ নাই বিদ্যালয় কৰ্তৃপক্ষৰ ৷
ইফালে এগৰাকী ছাত্ৰ গুৰুতৰভাৱে আহত হোৱা ঘটনাই পোহৰলৈ আনিছে বিদ্যালয়খনৰ ভিতৰচ’ৰাৰ ফোপোলা স্বৰূপ ৷ অনুশাসনহীন বিদ্যালয়খনত খেলৰ মাজতে আহত হোৱা ছাত্ৰজনক চিকিৎসা কৰিবলৈ নাই কোনো পুঁজি ৷ এগৰাকী নাৰ্চৰ বাহিৰে নাই কোনো চিকিৎসক ৷ তদুপৰি বিদ্যালয়খন ছাত্ৰ-ছাত্ৰী দুৰ্ঘটনাত পতিত হ’লে চিকিৎসাৰ বাবে নিবলৈ নাই কোনো বাহন ৷
এনে পৰিস্থিতিত আঘাতপ্ৰাপ্ত ছাত্ৰ এজনক বিদ্যালয় কৰ্তৃপক্ষই কৰা অৱহেলাৰ বাবে আজি মৃত্যুৰে যুঁজিব লগাত পৰিছে দুখীয়া পৰিয়ালৰ প্ৰাগজ্যোতি দলেয়ে ৷ প্ৰাগজ্যোতি দলেৰ অভিভাৱকে কৰিছে এই অভিযোগ ৷ উল্লেখ্য যে জৱাহৰ নবোদয় বিদ্যালয়ৰ অনুশাসনহীনতাৰ বাবে সময়ে সময়ে ছাত্ৰৰ মাজত সৃষ্টি হোৱা মাৰপিটৰ বাবে অলপতে কেইবাজনো ছাত্ৰক বিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰিব লগা হৈছে ৷ কিছুদিন পূৰ্বে মৰাণস্থিত জৱাহৰ নবোদয় বিদ্যালয়তো সংঘটিত হৈছিল এনে এক ঘটনা ৷
লগতে পঢ়ক: মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত পাঁচ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ