ETV Bharat / state

লখিমপুৰত উপ সংমণ্ডল বিষয়াৰ বাসগৃহত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ

লালুক সংমণ্ডলৰ গড়কাপ্তানী বিভাগৰ উপ সংমণ্ডল বিষয়া দিলীপ সোণোৱালৰ বাসগৃহত একে বিভাগৰে চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী দিলীপ গগৈৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য । ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোত আঘাতৰ চিন পোৱা পৰিলক্ষিত হয় ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু উপ সংমণ্ডল বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

উপ সংমণ্ডল বিষয়াৰ বাসগৃহত ৰহস্যজনক মৃতদেহ উদ্ধাৰ

author img

By

Published : Apr 23, 2020, 10:31 AM IST

লখিমপুৰ, 23 এপ্ৰিল : লখিমপুৰৰ লালুক সংমণ্ডলৰ গড়কাপ্তানী বিভাগৰ উপ সংমণ্ডল বিষয়া দিলীপ সোণোৱালৰ চুকুলিভূঞাৰ বাসগৃহত বুধবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এজন কৰ্মচাৰীৰ মৃতদেহ। মৃতদেহটো একে বিভাগৰে চতুৰ্থবৰ্গৰ কৰ্মচাৰী দিলীপ গগৈৰ বুলি জানিব পৰা গৈছে ৷ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহত আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছে আঘাতৰ চিন । লগতে আৰক্ষীয়ে উপ সংমণ্ডল বিষয়া দিলীপ সোণোৱালৰ কোঠাৰ পৰা উদ্ধাৰ কৰিছে আপত্তিজনক সামগ্ৰী ।

লখিমপুৰত উপ সংমণ্ডল বিষয়াৰ বাসগৃহত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে,আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে উপ সংমণ্ডল বিষয়া দিলীপ সোণোৱালক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : লক ডাউন প্ৰয়োগ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.