লখিমপুৰ, 24 আগষ্ট: ৰাজ্যৰ বিজেপি চৰকাৰ খনে ৰংচঙীয়া এক পৰিৱেশ সৃষ্টি কৰি উন্নয়নৰ ঢাকঢোল বজালেও ৰাজ্যৰ বিত্তীয় অৱস্থা যে টনকিয়াল হৈ থকা নাই, সেই কথা লখিমপুৰৰ এক কৰুণ ঘটনাই উদঙাই দিছে । উল্লেখযোগ্য যে, পথ নিৰ্মাণ, ক’ভিড চিকিৎসা কেন্দ্ৰত খাদ্য যোগান ধৰাকে আদি কৰি বহু ঠিকাৰ কামত ধন ব্যৱহাৰ কৰি শেষত ধাৰত পোত গৈছিল এজন ব্যক্তি ৷
আনফালে পাব লগীয়া ধন ঠিকাদাৰ জনে চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ পৰা সময় মতে আদায় নোপোৱাত শেষত আত্মহত্যাৰ দৰে এটা পথ বাছি ল’ব লগীয়া হ’ল জিলাখনৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতা তথা ঠিকাদাৰে । পিতৃ-মাতৃ তথা পত্নী আৰু কণ কণ দুই সন্তানৰ মায়া এৰি নিজকে শেষ কৰি পেলালে এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই । মনকৰিব লগীয়া যে, আত্মহত্যা কৰা ঠিকাদাৰজন প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ বহু নেতা-মন্ত্ৰীৰ অত্যন্ত ঘনিষ্ঠ লখিমপুৰৰ লালুকৰ মিঠুৰঞ্জন দাস বুলি জানিব পৰা গৈছে ৷
ঋণত পোত গৈয়ে নিজ বাসগৃহৰ এটা পৰিতক্ত কোঠাত চিপ লৈ আত্মহত্যা কৰা বিজেপি নেতাজনৰ মৃতদেহৰ কাষত উদ্ধাৰ কৰা হৈছে তিনি পৃষ্ঠাৰ এখন বিস্ফোৰক চুইচাইড নোট । চুইচাইড নোটৰ পাতে-পাতে কেনেকৈ ঋণত পোত গৈ অৱশেষত ল'লে জীৱনৰ চৰম সিদ্ধান্ত তাৰ শিহৰণকাৰী বৰ্ণনা কৰি থৈ গেছৈ ।
![চৰকাৰে প্ৰাপ্য ধন নিদিয়াৰ বাবেই এজন বিজেপি নেতাৰ আত্মহত্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-lakhimpur-24august-01-vislbyt-bjpleadarsuicid-jibangoswami-10046_24082021090917_2408f_1629776357_667.jpg)
লগতে পঢ়কঃ 1 ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ চৰকাৰৰ
এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হৈছে সোমবাৰে । সুদৰ ওপৰত টকা লৈ লালুক মহাবিদ্যালয়ৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ খাদ্যৰ যোগান ধৰিছিল আন এগৰাকী সহযোগী বিজেপি নেতাৰ সৈতে মিলি মিঠুৰঞ্জন দাসে । তাৰ বিনিময়ত চৰকাৰী পক্ষৰ পৰা পাবলগীয়া আছিল ১৭ লাখকৈ টকা । এনেদৰে সুদৰ ওপৰত টকা লৈ তেওঁ বিভিন্ন জন লোকৰ সৈতে কৰিছিল ঠিকাৰ কাম ।
সেই সমূহৰো পাবলগীয়া লক্ষাধিক টকা নাপালে আজিলৈকে । ফলত তীব্ৰ আৰ্থিক সংকট আৰু মানসিক চাপত ভুগি অৱশেষত চূড়ান্ত সিদ্ধান্ত ল'লে বিজেপিৰ এইগৰাকী জ্যেষ্ঠ নেতাই । ঘটনাটোৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে দণ্ডাধীশ সহ লালুক আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
উল্লেখযোগ্য যে, চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা দিব লগীয়া ধন সময়মতে মোকলাই নিদিয়াৰ বাবেই নিজ দলৰে এজন কৰ্মকৰ্তাই এনেদৰে নিজকে শেষ কৰি দিবলৈ বাধ্য হোৱা বুলি চুইচাইড নোটত উল্লেখ কৰি গ’ল ব্যক্তিগৰাকীয়ে । সম্প্ৰতি এই ঘটনাটোৱে জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷ লগতে এই ঘটনাটোৰ বাবে একাংশই চৰকাৰৰ ভূমিকাকো তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে ৷
লগতে পঢ়কঃ এতিয়াৰে পৰা হোৱাটছএপৰ জৰিয়তে বুক কৰিব পাৰিব টীকাকৰণৰ এপইণ্টমেণ্ট