ETV Bharat / state

Gold Mafia Surrendered : থৰ-কাছুটি হেৰুৱাইছে অপৰাধী চক্ৰই; লখিমপুৰত আকৌ হাত দাঙিলে ৬ অভিযুক্তই - ক’লা সাম্ৰাজ্যৰ সৈতে জড়িত

লখিমপুৰত হাত দাঙিয়েই আছে অপৰাধী চক্ৰই । নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ এটা ধমকৰ পাচতে এতিয়া নিতৌ লখিমপুৰৰ থানাই থানাই অপৰাধীৰ আত্মসমর্পণৰ উজান উঠা দেখিবলৈ পোৱা গৈছে । শুকুৰবাৰে আত্মসমৰ্পন কৰে ক’লা সাম্ৰাজ্যৰ সৈতে জড়িত ৬ অভিযুক্তই (6 Gold Mafia Surrendered Lakhimpur) ৷

6 Gold Mafia Surrendered Lakhimpur
লখিমপুৰত হাত দাঙিয়েই আছে অপৰাধী চক্ৰই
author img

By

Published : May 26, 2023, 10:19 PM IST

লখিমপুৰ, ২৬ মে’ : সলনি হৈছে লখিমপুৰৰ পৰিৱেশ ৷ মাথোঁ এটা ধমক ৷ তাৰ পাচতে এতিয়া থৰ-কাছুটি হেৰুৱাইছে ক’লা সাম্ৰাজ্যৰ নায়কসকলে । আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই লখিমপুৰৰ দায়িত্ব লোৱাৰ পাচতে এতিয়া জিলাখনৰ থানাই থানাই অপৰাধীৰ দলে আত্মসমর্পণ কৰা দেখিবলৈ পোৱা গৈছে । শুকুৰবাৰেও হাত দাঙিলে ক’লা সাম্ৰাজ্যৰ সৈতে জড়িত ৬ অভিযুক্তই (6 Gold Mafia Surrendered Lakhimpur) ৷

লখিমপুৰৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জিলাখনত যোগদান কৰিয়েই নকল সোণ, জাল নোট বেহাৰ লগত জড়িতসকলৰ প্ৰতি হুংকাৰ দিছিল । ‘‘এই ক’লা সাম্ৰাজ্যত জড়িতসকলে আত্মসমর্পণ কৰক, নহ’লে মই ধৰি আনিবলৈ গ’লে কথা বেয়া হ’ব ।’’ এনেদৰে ধমক দিছিল আৰক্ষী অধীক্ষকগৰাকীয়ে । আৰক্ষী অধীক্ষকগৰাকীৰ এই ধমকতে এতিয়া থৰকা চুটি হেৰুৱাইছে ক’লা সাম্ৰাজ্যত জড়িতসকলে । আত্মসমর্পণ কৰি প্ৰাণৰক্ষাৰ বাবে থানাই থানাই ভিৰ কৰিছেহি অপৰাধীসকলে (Smugglers of fake gold)।

লগতে পঢ়ক : Smugglers of fake gold:লখিমপুৰত থানাই থানাই নকল সোণ, জালনোটৰ ব্যৱসায়ীৰ ভিৰ

বৰ্তমান জিলাখনৰ বিভিন্ন থানা, আৰক্ষী চকী ভৰি পৰিছে নকল সোণ, জাল নোট বেহাৰ লগত জড়িত আত্মসমর্পণকাৰীৰে । নিতৌ হাত দাঙিবলৈ অহা লোকৰ লানি নিচিগা সোঁত বৈছে লখিমপুৰৰ থানাসমূহত । অইন দিনাৰ দৰে শুকুৰবাৰে জিলাখনত পুনৰ ৬ জনে অভিযুক্তই আত্মসমর্পণ কৰে । লালুক থানাত আত্মসমর্পণ কৰা কেইজন হ’ল বালিটিকা হৰিপুৰৰ চাজান আলি, মতিউৰ ৰহমান, হেদায়েতুল ইছলাম, চহিদুল ইছলাম, ৰুহুল আমিন আৰু আফাজ উদ্দিন ।

উল্লেখ্য যে, এই পৰ্যন্ত জিলাখনৰ বিভিন্ন থানা আৰু আৰক্ষী চকীত ৪২ জনে আত্মসমর্পণকাৰীৰ উপৰিও ২৩ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ অহাৰ পাচৰে পৰা এতিয়ালৈ ক’লা সাম্ৰাজ্যখনৰ মুঠ ৬৫ জন লোক আইনৰ আওতালৈ আহিছে বুলি তথ্য লাভ কৰা হৈছে ।

লগতে পঢ়ক : Video clip going viral: 500 টকাত সন্তুষ্ট নহয়, বেছিকৈ মুখ মেলি কোৱাৰি ফাটিল অ’চি ছাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.