ETV Bharat / state

লখিমপুৰত মুৱাই-থাই সমৰকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত

লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মুৱাই-থাই সমৰকলাৰ প্ৰতিযোগিতা । প্ৰতিযোগিতাখনত ৰাজ্য ৰ ভিন্ন স্থানৰ তিনিশ প্ৰতিযোগীয়ে অংশগ্রহণ কৰে(Muay Thai Championship Held in Lakhimpur) ।

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:38 AM IST

20th All Assam Amateur Muay Thai Championship 2023
লখিমপুৰত মুৱাই-থাই সমৰকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত
লখিমপুৰত মুৱাই-থাই সমৰকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত

লখিমপুৰ,১৭ ডিচেম্বৰ: সদৌ অসম অ-পেছাদাৰী মুৱাই-থাই সমৰকলা সন্থাৰ উদ্যোগত লখিমপুৰ জিলা সমিতিৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় ২০ তম মুৱাই-থাই সমৰকলাৰ প্ৰতিযোগিতাৰ ৷ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ আৰম্ভণি অনুষ্ঠানৰ আঁত ধৰে খেল পৰিচালনা সমিতিৰ উপদেষ্টা ৰাজু সিংহই ৷

মুৱাই-থাই সমৰকলাৰ মুখ্য প্ৰশিক্ষক তথা স্পৰ্টছ অৰ্থৰিটি অব থাই চৰকাৰৰ পৰ্মটাৰ ৰাকেশ মিটেইক লখিমপুৰত উষ্ম আদৰণি জনোৱা হয় ৷ লখিমপুৰ সমৰকলাৰ অন্যতম প্ৰতিষ্ঠাপক সংগঠক বিল্লু সিং সোঁৱৰণীত আয়োজিত খেলৰ ৰাজ্যিক পতাকা উত্তোলন কৰে মুখ্য প্ৰশিক্ষক ৰাকেশ মিটেই আৰু জিলা পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি মৃণাল শৰ্মাই ৷

ইয়াৰ পিছত স্বৰ্গীয় বিল্লু সিঙৰ প্ৰতিচ্ছবিত চাকি ধূপ জলাই পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে তেওঁৰ কনিষ্ঠ ভাতৃ টিল্লু সিংহৰ লগতে পৰিয়ালবৰ্গই ৷ উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ লোহিত হাজৰিকা উপস্থিত থাকি খেলুৱৈসকলক উদ্দেশ্যি এক সুন্দৰ উৎসাহমূলক ভাষণ আগবঢ়ায় ।

ভাষণ প্ৰসংগত তেওঁ কয় যে, খেলুৱৈসকলে নিয়মিত কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নীতি-নিয়ম মানি চলিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব ৷ ইয়াৰ পিছতেই খেল আয়োজন সমিতিৰ সম্পাদক চেনাই ভূঞাই বিল্লু সিঙৰ স্মৃতিত এক লিখিত প্ৰতিবেদন পাঠ কৰে ৷ লগতে লখিমপুৰৰ প্ৰাক্তন সমৰকলাবিদ, বিল্লু সিঙৰ সতীৰ্থ সকলক এক সম্বৰ্ধনা জনোৱা হয় ৷

ইয়াৰ পিছতে মুৱাই-থাই সমৰকলাৰ আন্তৰ্জাতিক খেলুৱৈ দিপাংকৰ বৰাই মুৱাই-থাই ৰিঙৰ ভিতৰত থাই সমৰকলাৰ বাধ্যতামূলক এক কলা প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ লাভ কৰে ৷ লখিমপুৰত আয়োজিত মুৱাই-থাই সমৰকলা প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৩০০ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা বুলি সন্থাৰ স্থায়ী সম্পাদক ৰবিজিত ৰাজকুমাৰ আৰু উমানন্দ পাঠকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: বৰপেটাত উৎকোচ লৈ হাত দাঙিলে জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.