ETV Bharat / state

Eviction in Lakhimpur: বছৰৰ দ্বিতীয়টো দিনতে লখিমপুৰত ১৩ পৰিয়ালক উচ্ছেদ - encroached land in Lakhimpur

নৱবৰ্ষৰ দ্বিতীয় দিনাই লখিমপুৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । ভূমি সংৰক্ষণ বিভাগৰ ভূমি বেদখল কৰা ১৩ পৰিয়ালক উচ্ছেদ কৰিলে প্ৰশাসনে(Administration eviction drive in Lakhimpur) । উচ্ছেদকাৰী দল উপস্থিত হোৱাৰ পূৰ্বেই বাসগৃহ এৰি পলায়ন বেদখলকাৰীৰ ।

Administration eviction drive in Lakhimpur
নৱবৰ্ষৰ দ্বিতীয় দিনাই লখিমপুৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান
author img

By

Published : Jan 2, 2023, 9:55 PM IST

নৱবৰ্ষৰ দ্বিতীয় দিনাই লখিমপুৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

লখিমপুৰ, ২ জানুৱাৰী: ৰাজ্যৰ বিভিন্ন স্থানত বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ (Eviction drive in Assam) । বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ চৰকাৰে চলাইছে উচ্ছেদ অভিযান । এনে সময়তে সোমবাৰে লখিমপুৰতো চলে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান । ভূমি সংৰক্ষণ বিভাগৰ ভূমি বেদখল কৰা ১৩ পৰিয়ালক জিলা প্ৰশাসনে উচ্ছেদ কৰে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে সোমবাৰে লখিমপুৰ জিলাতো চলিল লখিমপুৰ প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction drive in Lakhimpur) । লখিমপুৰ জিলাৰ চাউলধোৱাৰ থেকেৰাগুৰিত চলে প্ৰশাসনৰ উচ্ছেদ অভিযান । বেদখলীকৃত ভূমি সংৰক্ষণ বিভাগৰ ভূমিত চলে এই অভিযান । পিছে উচ্ছেদ অভিযান দেখি পেঁপুৱা লাগি বেদখলকাৰীসকলে নিৰ্মাণ কৰি থকা গৃহ এৰি পলায়ন কৰে ।

উল্লেখযোগ্য যে, সোমবাৰে লখিমপুৰ জিলা প্ৰশাসনে থেকেৰাগুৰিৰ বালিজান বঙালী আৰু ন-আলি বঙালী মেপৰ সামাজিক বনানীকৰণৰ ১০৬ নম্বৰ ডাগৰ ৫০ বিঘা বেদখল হৈ থকা ভূমিত উচ্ছেদ অভিযান চলাই । এই বেদখলকাৰী সকলে প্ৰায় ১০৬ বিঘা ভূমিৰে আৱৰি থকা সামাজিক বনানীকৰণৰ ভূমিৰ ৫০ বিঘা ভূমি বেদখল কৰি গৃহ নিৰ্মাণ কৰিছিল(Encroachment at Lakhimpur) ।

সোমবাৰে পুৱাৰে পৰা লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ চলাই বেদখলকৰীয়ে নিৰ্মাণ কৰা ২১ টাকৈ গৃহ ধ্বংস কৰে । আনহাতে, প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ অহাৰ কথা জানিব পাৰি, বেদখলকাৰী সকলে পলায়ন কৰে । উল্লেখ্য ২০১৯ চনতো এই অঞ্চলত প্ৰশাসনে ভালেখিনি বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰিছিল । পিছে উচ্ছেদিত সকলে পুনৰ সেই অঞ্চলত ঘৰ সাজে ।

সোমবাৰে উচ্ছেদ অভিযান চলাবলৈ যাওতে পুৰ্বৰ উচ্ছেদিতসকলে পুনৰ বেদখল কৰাটো প্ৰত্যক্ষ কৰে বিভাগীয় বিষয়াই । সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে তেওঁলোকক ঘৰ এৰি আতৰি যাবলৈ এসপ্তাহৰ সময় দি অচিৰেই জাননী জাৰি কৰা হ'ব । এসপ্তাহৰ ভিতৰত তেওঁলোক আঁতৰি নগ’লে পুনৰ তেওঁলোকক উচ্ছেদ কৰা হ'ব বুলি বিভাগীয় বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে যোৱাটো বৰ্ষটো চৰকাৰৰ উচ্ছেদ অভিযানেও বাতৰিৰ শিৰোনাম দখল কৰিছিল । বেদখল উচ্ছেদ এক অবিৰত প্ৰক্ৰিয়া আৰু ই বন্ধ নহয় (Eviction against encroachments) বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma on eviction) । বিজেপি চৰকাৰে ৰাজ্যজুৰি বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰিব বুলিও মন্তব্য আগবঢ়াইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

২০২২ বৰ্ষত অবিৰতভাৱে উচ্ছেদ চলাই বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পাছত, নতুন বৰ্ষটোৰ দ্বিতীয় দিনাই লখিমপুৰৰ চাউলধোৱাৰ থেকেৰাগুৰিত প্ৰশাসনে চলালে উচ্ছেদ অভিযান ।

লগতে পঢ়ক: Protest in Morigaon; তিৱাৰ দাবী পূৰণ নহ’লে জ্বলিব মধ্য অসম; তিৱা সংগঠনৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.