ETV Bharat / state

Bandh in Assam : লখিমপুৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ; পথত টায়াৰ জ্বলাই পথ অৱৰোধ বন্ধ সমৰ্থকৰ - পথত টায়াৰ জ্বলায় পথ অৱৰোধ

শনিবাৰে অসমীয়া যুৱ মঞ্চই আহ্বান জনোৱা 12 ঘন্টীয়া লখিমপুৰ জিলা বন্ধৰ প্ৰভাৱ জিলাখনত মিশ্ৰিতভাৱে পৰে । কেইবাটাও স্থানত বন্ধৰ সমৰ্থকে পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে ।

12 hours Lakhimpur district bandh by  Asomiya yuva mancha
12 ঘন্টীয়া লখিমপুৰ জিলা বন্ধৰ প্ৰভাৱ
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 8:40 AM IST

12 ঘন্টীয়া লখিমপুৰ জিলা বন্ধৰ প্ৰভাৱ

লখিমপুৰ, 9ছেপ্টেম্বৰ: অসমীয়া যুৱ মঞ্চই শনিবাৰে পুৱা 6 বজাৰ পৰা আহ্বান জনাইছে লখিমপুৰ বন্ধৰ । জিলাখনৰ কেইবাঠাইটো পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে বন্ধৰ সমৰ্থকে । জিলাখনৰ লখিমী চাৰিআলি, খেল মাটি, বাইপাচ, পানী গাঁও আদি পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে বন্ধৰ সমৰ্থকসকলে । অৱশ্যে উক্ত স্থানত মোতায়েন কৰা আৰক্ষীয়ে লগে লগে নিয়ন্ত্ৰণলৈ লৈ আনে পৰিস্থিতি ।

উল্লেখ কৰা প্ৰয়োজন যে, শুকুৰবাৰে সংগঠনটোৰ জিলা সভাপতি চিৰঞ্জীৎ বৰদলৈ, লখিমপুৰ আঞ্চলিক সমিতিৰ সম্পাদক দিপাংকৰ নাথ আৰু সদস্য লক্ষীকান্ত দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, এগৰাকী অনা অসমীয়া যুৱকক কাণত ধৰাই আঁঠু কঢ়োৱাৰ বাবে আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি নেতাকেইজনক গ্ৰেপ্তাৰ কৰে । আদালতত হাজিৰ কৰোৱাৰ সময়ত অসমীয়া যুৱ মঞ্চৰ নেতাকেইজনৰ জামিন আবেদন কৰা হৈছিল যদিও আদালতে নাকচ কৰে । তাৰেই প্ৰতিবাদত তথা গ্ৰেপ্তাৰ কৰা নেতাকেইজনৰ বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত সংগঠনটো জিলাখনত এই বন্ধৰ আহ্বান জনায় ।

বন্ধৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে তাৰ বাবে সমগ্র নগৰখনত প্ৰশাসনে আৰক্ষী, অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰে । শনিবাৰৰ পুৱাৰে পৰা ঘোষণা কৰা 12 ঘন্টীয়া এই বন্ধৰ প্ৰভাৱ জিলাখনত মিশ্ৰিতভাৱে পৰা পৰিলক্ষিত হয় । চেগাচোৰোকাকৈ হ’লেও যান-বাহনৰ চলাচল অব্যাহত আছে জিলাখনত । একেদৰে অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখা পৰিলক্ষিত হয় জিলাখনত ।

শুকুৰবাৰৰ সন্ধিয়া অসমীয়া যুৱ মঞ্চই এই বন্ধৰ আহ্বান জনাইছিল ।

লগতে পঢ়ক: Bhupen Hazarika 97th birthday: সুধাকণ্ঠৰ স্মৃতি বিজড়িত সমলবোৰ সংৰক্ষণৰ আহ্বান শংকৰ পাটোৱাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.