ETV Bharat / state

হাগ্ৰামাক প্ৰত্যাহ্বান উৰ্খাও গৌৰা ব্ৰহ্মৰ - সাংসদ

হাগ্ৰামা মহিলাৰীৰ মন্তব্যক নস্যাৎ উৰ্খাও গৌৰা ব্ৰহ্মৰ ৷ বিপিএফ দলক ভংগ কৰক বুলি প্ৰত্যাহ্বান ৷ নৱ শৰণীয়াকো ব্যৰ্থ সাংসদ বুলি কটাক্ষ কৰে ব্ৰহ্মই

হাগ্ৰামাক প্ৰত্যাহ্বান উৰ্খাও গৌৰা ব্ৰহ্মৰ
author img

By

Published : Sep 13, 2019, 11:27 PM IST

কোকৰাঝাৰ, 13 চেপ্তেম্বৰ : বিপিএফৰ সৈতে কোনো ধৰণৰ নিৰ্বাচনী বুজাবুজি হোৱা নাই ইউপিপিএলৰ ৷ হাগ্ৰামা মহিলাৰীৰ মন্তব্যক নস্যাৎ কৰি সংবাদমেলত এই মন্তব্য ইউ পি পি এলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মৰ ৷ বিটিএডিত এটাই ৰাজনৈতিক দল থকাৰ পোষকতা কৰি ইউপিপিএল দলক বিপিএফত চামিল কৰাৰ আহ্বান দিছিল হাগ্ৰামা মহিলাৰীয়ে ৷ তেনেক্ষেত্ৰত ইউপিপিএল দলক বিপিএফ দলত চামিল কৰি ঐক্যবদ্ধতাৰ দিয়া আহ্বানক বিৰোধ কৰি উৰ্খাও গৌৰা ব্ৰক্ষই বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কোৱাৰ দৰে বিটিএডিত এটা দল বৰ্তাই ৰাখিবলৈ হ’লে প্ৰথমে বিপিএফ দলক ভংগ কৰক বুলি প্ৰত্যাহ্বান জনায় ৷ সংবাদমেলত উৰ্খাও গৌৰা ব্ৰক্ষই কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াকো ক্ষুৰধাৰ সমালোচনা কৰে ৷ লগতে নৱ শৰণীয়াক ব্যৰ্থ সাংসদ বুলি কটাক্ষ কৰে ব্ৰহ্মই ৷

Intro:বিপিএফ আৰু ইউপিপিএল দলৰ মিত্ৰতাৰ পূৰ্বে কেৰোন !

 ৷ বিটিএডিত এটা ৰাজনৈতিক দল বৰ্তাই ৰাখিবলৈ প্ৰথমে বিপিএফ দলক ভংগ কৰক হাগ্ৰামাই : উৰ্খাও গৌৰা ব্ৰক্ষ ৷

কোকৰাঝাৰ ১৩ চেপ্তেম্বৰ : আগন্তক বিটিএডিৰ সাধাৰন নিৰ্বচনকলৈ শাসকীয় বিপিএফ আৰু বিৰোধী দল হউ পি পি এলৰ মাজত নিৰ্বাচনী মিত্ৰতাৰ আনুষ্ঠানিক বৈঠকত মিলিত নোহোৱাৰ পূৰ্ৱে দুয়োটা দলৰ হাইকমাণ্ডৰ মাজত  মিত্ৰতাৰ চৰ্তকলৈ মতবিৰোধ গা কৰি উঠা প্ৰকট কৰি তুলিছে ৷ প্ৰাপ্ত বাতৰি মতে, বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে যোৱাকালি কোকৰাঝাৰ আৰু চিৰাংত বিটিএডিত ৰাজনৈতিক দল এটাই থকাৰ পোষকতা কৰি ইউপিপিএল দলক বিপিএফ দলত চামিল কৰাৰ আহ্বান দি দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰক্ষক ৰাজ্যসভালৈ মনোনীত সাংসদ কৰাৰ প্ৰলোভন দিছিলে ৷ কিন্তুু তাৎপয্য পূৰ্ন যে হাগ্ৰামা মহিলাৰী নেতৃত্ব বিপিএফ দল আৰু উৰ্খাও গৌৰা ব্ৰক্ষ নেতৃত্বাধীন ইউপিপিএল দলটিৰ মাজত মিত্ৰতাৰ আলোচনাৰ দূৱাৰ খোল খোৱাৰ সময়ছোৱাতে ঐক্যবদ্ধতাকলৈ ৰাজনীতি আৰম্ভ হোৱাত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বড়োভূমিত ৷

Body:আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত ইউ পিপিএল দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰক্ষই  কোকৰাঝাৰ আৰু চিৰাংত যোৱাকালি  একেটাদিনতে ইউপিপিএল দলৰ মিত্ৰতাৰ প্ৰশংগত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰা ৰাজহুৱা মন্তব্যক ষ্পটীকৰণ দি কয় বিপিএফৰ সতে নিৰ্বাচনকলৈ আসন বুজাবুজিৰ আমাৰ দলৰে কোনো আনুষ্ঠানিক আলোচনা হোৱা নাছিল ৷অৱশ্যে মিত্ৰতাৰ আলোচনাৰ প্ৰাৰম্ভিক দূৱাৰহে মুকলি হৈছিল বুলি স্বীকাৰ কৰে ৷তেনেক্ষেত্ৰত ইউপিপিএল দলক বিপিএফ দলত চামিল কৰি ঐক্যবদ্ধতাৰ দিয়া আহ্বানক বিৰোধ কৰি উৰ্খাও গৌৰা ব্ৰক্ষই বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দোহাঁৰাৰ দৰে বিটিএডিত এটা দল বৰ্তাই ৰাখিবলৈ হলে প্ৰথমে বিপিএফ দলক ভংগ কৰক বুলি প্ৰত্যাহ্বান দিয়ে ৷ উৰ্খাও গৌৰা ব্ৰক্ষই বড়ো ৰাজনিতি ঐক্যবদ্ধ হোৱাৰ স্বাৰ্থত ইউপিপিএল দলে আন্তঃৰিকতাৰে কাম কৰি যোৱাৰ সদিচ্চা কৰে যদিও ৰাজনৈতিক ঐক্যবদ্ধতাৰ যুজঁত মিত্ৰতা আনুষ্ঠানিক নোহোৱাৰ পূৰ্ৱে ৰাজনীতি কৰাত গভীৰ উদ্বেগ কৰে ইউপিপিএল দলে ৷ মিত্ৰতাৰ প্ৰশংগত হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যসভাৰ সাংসদ পদ উৰ্খাও গৌৰা ব্ৰক্ষলৈ টোপ দিয়াৰ উপৰি ইউপিপিএলৰ নিৰ্বাচিত পৰিষদৰ সাত সদস্যৰ আসন বাহাল ৰখা মন্তব্যক প্ৰতিক্ৰিয়াৰে উৰ্খাও গৌৰা ব্ৰক্ষই এয়া আমাৰ দলেহে কাক ৰাজ্যসভাত প্ৰেৰণ কৰিৱ আৰু পৰিষদৰ আসনত কাক প্ৰাথীত্ব দিৱ সেয়া আমাৰ দলৰ বিবেচনাত বুলি জনাই ৷

সংবাদমেলত উৰ্খাও গৌৰা ব্ৰক্ষই কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰনীয়াকো ক্ষুৰধাৰ সমালোচনা কৰি শৰনীয়াই  বিটিএডি সেনা গঠন কৰিৱ ওলোৱা কথাই  বিটিএডিত ৰাজনৈতিক অৰাজনৈতিক অস্তিৰতা আহি পৰা দোঁহাৰি বিপিএফ আৰু ইউ পি পি এল দলৰে ৰাজনীতিক ঐক্যবদ্ধতাৰ মিত্ৰতাৰ বাৱে  সংযম আৰু সোহাদ্যমুলক হোৱা কামনা কৰে ৷তেও পাণী ঘোলাৰ ৰাজনীতি কৰি এম পি হোৱা নৱ শৰনীয়াক ব্যৰ্থ সাংসদ বুলি কটাক্ষ কৰে ৷

Conclusion:বিজেপি অগপৰে বিপিএফৰ বিটিএডি নিৰ্বাচনৰ মিত্ৰতা প্ৰশংগত ইউপিপিএল দলৰ কৱ লগা নাই যদিও আমাৰ দলৰে বিপিএফৰ মিত্ৰতা হলে ইউপিপিএল দলক বেছি গুৰুত্বসহকাৰে লৱ লাগিব বুলি কয় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.