ETV Bharat / state

মিত্ৰতা বিপিএফেহে ঘোষণা কৰিছে, বিজেপিয়ে কৰা নাই: ৰৌণগৌৰা নাৰ্জাৰী - হাগ্ৰামা মহিলাৰী

বিজেপি-বিপিএফ(BJP-BPF)ৰ মিত্ৰতা প্ৰসংগত ইউপিপিএল(UPPL) দলৰ প্ৰতিক্ৰিয়া ৷ মিত্ৰতা বিপিএফেহে ঘোষণা কৰিছে, বিজেপিয়ে কৰা নাই ৷ বিপিএফে সুবিধাবাদৰ ৰাজনীতি কৰি ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে বুলি মন্তব্য কৰে ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী(Rwngwra Narzary)য়ে ৷

rwngwra narzary reacts on bjp bpf alliance
ৰৌণগৌৰা নাৰ্জাৰীৰ প্ৰতিক্ৰিয়া
author img

By

Published : Oct 5, 2021, 10:02 AM IST

কোকৰাঝাৰ, 5 অক্টোবৰ : বিপিএফ(BPF) দলৰ সভাপতি তথা বিটিআৰ(BTR)ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী(Hagrama Mahilary)য়ে সোমবাৰে ৰৌতাত বিজেপি(BJP) আৰু বিপিএফৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য আগবঢ়াইছিল ৷ ইয়াৰ পাচতে মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউপিপিএল(UPPL) দলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী(Rwngwra Narzary)য়ে ৷

সোমবাৰে সন্ধিয়া কোকৰাঝাৰ চহৰস্থিত ইউপিপিএলৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি বিপিএফ দলক কঠোৰ সমালোচনা কৰে ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে ৷ বিপিএফক সুবিধাবাদীৰ দল হিচাপে অভিহিত কৰি সুবিধাবাদৰ বাবেই দলটো ধ্বংস হ’ব বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে ।

rwngwra narzary reacts on bjp bpf alliance
ৰৌণগৌৰা নাৰ্জাৰীৰ প্ৰতিক্ৰিয়া

লগতে ৰাজনৈতিক দল এটাৰ নীতি-আদৰ্শ থাকিব লাগে বুলি মন্তব্য কৰি তেওঁ কয় যে, বিপিএফৰ কোনো নীতি আদৰ্শ নাই ৷ বিপিএফে মাথো সুবিধাবাদৰ ৰাজনীতিহে কৰি আহিছে ৷ ইয়াৰোপৰি বিপিএফক তীব্ৰ সমালোচনা কৰি কাৰ্যকৰী সভাপতি নাৰ্জাৰীয়ে কয়, মিত্ৰতা বিপিএফেহে ঘোষণা কৰিছে ৷ বিজেপিয়ে কিন্তু কৰা নাই ৷ বিপিএফে সুবিধাবাদৰ ৰাজনীতিৰে ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে ৷

বিপিএফৰ কথাত ভোল নাযাবলৈ ৰাইজক আহ্বান জনাইছে নাৰ্জাৰীয়ে । আনহাতে, মুখ্যমন্ত্ৰীৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে কি কথা পাতিছে, সেয়া ইউপিপিএল দলে ভালদৰেই জানে বুলি সদৰী কৰি তেওঁ হাগ্ৰামা মহিলাৰীয়ে নিজক বচাবৰ বাবে, নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবৰ বাবেহে ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ কৰিছে বুলি মন্তব্য কৰে ৷

তেওঁ পুনৰ কয় যে, হাগ্ৰামা মহিলাৰীৰ দাবীৰ কোনো সত্যতা নাই ৷ তদুপৰি বিপিএফৰ কিছু নেতা ইউপিপিএললৈ আৰু কিছু নেতা বিজেপিলৈ আহিব বুলি দাবী কৰি ৰৌণগৌৰা নাৰ্জাৰীয়ে ইউপিপিএল আৰু বিজেপিৰ মিত্ৰতা অটুট আছে বুলি স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক : জোনাইত বিধায়ক ভূৱন পেগুক সম্বৰ্ধনা বিভিন্ন সংগঠনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.