ETV Bharat / state

বিটিচি পৰিৱহণ বিভাগৰ নিযুক্তিত ব্যাপক দুৰ্নীতিৰ অভিযোগ ইউপিপিএলৰ - বিটিচি পৰিবহন বিভাগৰ নিযু্ক্তিত দুৰ্নীতি বাতৰি

সম্প্ৰতি বিটিচিৰ পৰিৱহণ বিভাগৰ সহকাৰী পৰিৱহণ পৰিদৰ্শকৰ নিযুক্তিৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বিটিচি প্ৰাক্তন প্ৰধান সচিব ৰবিনছন মচাহাৰীৰ তত্বাৱধানতেই এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পৃথ্বীৰাজ নাৰায়ন দেৱে ।

UPPL claim scam in BTC transport department recruitment
বিটিচি পৰিবহন বিভাগৰ নিযু্ক্তিত বিপিএফৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ ইউপিপিএলৰ
author img

By

Published : May 27, 2020, 1:08 PM IST

কোকৰাঝাৰ,27 মেঃ বিটিচিত সম্প্ৰতি চলি আছে ৰাজ্যপালৰ শাসন । কিন্তু স্বায়ত্ব শাসিত পৰিষদটোত বিপিএফৰ শাসন কালত সংঘটিত কেইবাটাও দুৰ্নীতি পোহৰলৈ আহিছে । সম্প্ৰতি বিটিচিৰ পৰিৱহণ বিভাগৰ সহকাৰী পৰিৱহণ পৰিদৰ্শকৰ নিযুক্তিৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । কোনোধৰণৰ বাছনি অবিহনেই 8 জনকৈ সহকাৰী পৰিৱহণ পৰিদৰ্শকক বিভাগটোত নিযুক্তি দিয়া হয় । বিটিচিৰ প্ৰাক্তন প্ৰধান সচিব ৰবিনছন মচাহাৰীৰ তত্বাৱধানতেই এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পৃথ্বীৰাজ নাৰায়ন দেৱে ।

UPPL claim scam in BTC transport department recruitment
বিটিচি পৰিবহন বিভাগৰ নিযু্ক্তিত দুৰ্নীতি
ইউপিপিএলৰ সংবাদ

উল্লেখ্য যে, ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য গৰাকীয়ে কয় যে, বিটিএডিত বিগত 17 বছৰে কেৱল ক্ষমতা কেন্দ্ৰীক ৰাজনীতি চলি আহিছিল । বিভাগসমূহৰ নিযুক্তিৰ লগতে চৰকাৰী আঁচনিসমূহৰ সুবিধা কেৱল বিপিএফৰ নেতা পালিনেতা আৰু চৰকাৰী বিষয়া সকলেহে লাভ কৰি আহিছে বুলি মন্তব্য কৰে পৃথ্বীৰাজ নাৰায়ন দেৱে ।

ইউপিপিএলৰ সংবাদ

বিটিচিৰ প্ৰাক্তন প্ৰধান সচিব ৰবিনছন মচাহাৰীৰ পুত্ৰ ৰোনেল ৰবিনছন মচাহাৰী, বিটিচি আবকাৰী বিভাগৰ বিভাগীয় মুৰব্বী ৰহেন্দ্ৰ বাসুমতাৰীৰ পুত্ৰ নিচলছ বাসুমতাৰী, চিৰাং জিলা আবকাৰী বিভাগৰ পৰিদৰ্শক ৰিংচাৰ বাসুমতাৰীৰ পুত্ৰ ভাস্কৰ সৌৰাং বাসুমতাৰী, প্ৰাক্তন বিটিচিৰ ই এম জগদীশ চৰকাৰৰ নাতি হোৱাইট ৰংজবংশী, হাগ্ৰামা মহিলাৰীৰ ভাতৃ সুবাংকৰ মহিলাৰীৰ জিয়ৰী সোণালী মহিলাৰী, প্ৰাক্তন ই এম ৰাজীৱ ব্ৰহ্মৰ ভাগিন কাজিব বাসুমতাৰী আৰু হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ ৰোহিতেশ্বৰ নাৰ্জাৰীৰ জিয়ৰী কুইটি নাৰ্জাৰীক বিটিএডিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ জিলা পৰিৱহণ কাৰ্যালয়ত সহকাৰী পৰিৱহণ পৰিদৰ্শক হিচাবে যোৱা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত নিযুক্তি প্ৰদান কৰিছিল বিপিএফ চৰকাৰে ।

লগতে পঢ়ক-অগ্নিকাণ্ড: টংলাত জুইত জাহ 4 টাকৈ পৰিয়ালৰ বাসগৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.