ETV Bharat / state

ইউপিপিএলৰ দাবী: এইবাৰ নিশ্চিতভাৱে হাৰিব হাগ্ৰামা

author img

By

Published : Nov 20, 2020, 9:58 PM IST

হাগ্ৰামা মহিলাৰীক পৰাজিত কৰিব উঠিপৰি লাগিছে ইউপিপিএল দল ৷ শুকুৰবাৰে দেৱৰগাঁও সমষ্টিৰ খেঙখাই বজাৰত ইউপিপিএল দলৰ প্ৰাৰ্থী বুদ্ধদেৱ মুছাহাৰীৰ নেতৃত্বত এক বৃহৎ বাইক ৰেলী উলিয়াই ৷

uppl bike rally at kokrajhar
uppl bike rally at kokrajhar

কোকৰাঝাৰ, 20 নৱেম্বৰ : ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে বিটিচি নিৰ্বাচনৰ প্ৰেক্ষাপট । প্ৰতিটো সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে ৷ প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক পৰাজিত কৰিবলৈ উঠিপৰি লাগিছে বিটিচিৰ প্ৰধান বিৰোধী দল ইউপিপিএল ৷ যাৰ বাবে এইবাৰ হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টিৰ গাঁৱে ভূঞে তীব্রতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷

uppl bike rally at kokrajhar
ইউপিপিএল দলৰ বাইক ৰেলী

শুকুৰবাৰে দেৱৰগাঁও সমষ্টিৰ খেঙখাই বজাৰত ইউপিপিএল দলৰ প্ৰাৰ্থী বুদ্ধদেৱ মুছাহাৰীৰ নেতৃত্বত এক বৃহৎ বাইক ৰেলী উলিয়াই ৷ এইবাৰ হাগ্ৰামা পৰাজিত হ’বই বুলি দাবী কৰিচে ইউপিপিএল দলে । বিটিআৰ চুক্তি হোৱাৰ পিচত সকলো জনগোষ্ঠীৰ লোকে ইউপিপিএলত যোগদান কৰি আছে । এনটি ইনকামবেঞ্চৰ বাবে পৰাজিত হ’ব হাগ্ৰামা ৷ শুকুৰবাৰে উলিওৱা পৰিৱৰ্তন বাইক সমদল অনুষ্ঠানত উপস্থিত এনে মন্তব্য কৰিছে ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী বুদ্ধদেৱ মুছাহাৰীয়ে।

লগতে পঢ়ক : শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত বেদখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.