কোকৰাঝাৰ, ২১ অক্টোবৰ : ধুবুৰীৰ পৰা চোৰাংভাৱে বৰপেটা অভিমুখে আহি থকা দুখন ট্ৰাকৰ পৰা বৃহস্পতিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে জব্দ কৰে পিডিএছৰ ঘেঁহু । বৰপেটালৈ চোৰাংভাৱে পিডিএছৰ ঘেঁহু সৰবৰাহ কৰোঁতেই কোকৰাঝাৰ-ধুবুৰী সীমান্তৰ ফ্লৰিকান গাৰ্ডেনৰ সমীপৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে ঘেঁহু সহ দুখন ট্ৰাক জব্দ কৰে । কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সদৰী কৰা মতে, এক গোপন সূত্ৰৰ পম খেদি ধুবুৰীৰ পৰা চোৰাংভাৱে বৰপেটা অভিমুখে কঢ়িয়াই নিয়া দুই ট্ৰাক পিডিএছৰ ঘেঁহুসহ জব্দ কৰা হয় ।
এ এছ ১৭ বি ৮০৩৭ আৰু এ এছ ১৭ চি ৩৫৩৯ নম্বৰৰ দুখন ট্ৰাকেৰে ধুবুৰীৰ পৰা কোকৰাঝাৰ হৈ পিডিএছৰ ৩০ টনৰো অধিক ঘেঁহু চোৰাংভাৱে বৰপেটালৈ চালান দিবলৈ চেষ্টা কৰোঁতেই কোকৰাঝাৰ আৰক্ষীয়ে ঘেঁহুসহ ট্ৰাকদুখন জব্দ কৰাৰ লগতে ঘটনাৰ সতে জড়িত চাৰিজন লোকক আটক কৰে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰু পিডিএছৰ ঘেঁহু চোৰাংভাৱে চালান কৰা সমূদায় চক্ৰটোক উৎখাত কৰা হ’ব বুলি সদৰী কৰিছে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে । ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত ঘটনা সন্দৰ্ভত এক গোচৰ ৰজু হৈছে ।
লগতে পঢ়ক : হত্যাকাৰীৰ ৰূপ ল’লে কিশোৰে; কলিয়াবৰ কাণ্ডই কঁপাইছে ৰাজ্য