কোকৰাঝাৰ, ৬ মে : ৰাজ্যৰ ভিন্ন প্ৰান্তত বিষাক্ত কাঠফুলা খাই এতিয়ালৈকে বহুকেইজনে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে অসুস্থ হৈছে বহুজন ৷ পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও আৰু দোতমাত (Two sick after consuming poisonous mushrooms)৷ বিষাক্ত কাঠফুলা ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হয় দুজনকৈ লোক ৷
উল্লেখ্য যে, জিলাখনৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও আৰু দোতমাত পৃথকে পৃথকে সংঘটিত হয় এই ঘটনা ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা বিষাক্ত কাঠফুলা ভক্ষণ কৰি কচুগাঁৱৰ বৰনগৰৰ অনিল স্বৰ্গীয়াৰী (৪৮) অসুস্থ হৈ পৰে ৷ ততালিকে অনিল স্বৰ্গীয়াৰীক কচুগাঁও প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ তেওঁক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
আনহাতে, বিষাক্ত কাঠফুলা ভক্ষণ কৰি শুকুৰবাৰে দোতমাৰ ছামথাইবাৰীৰ নিবাসী তথা দোতমা আঞ্চলিক এবছুৰ মুখপাত্ৰ ছানসুমা ব্ৰহ্ম (৪৭) গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ প্ৰথমে ছানসুমা ব্ৰহ্মক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক : বিষাক্ত কাঠফুলা খাই ডিমা হাছাওত মৃত্যু এজনৰ