কোকৰাঝাৰ, 10 আগষ্ট: কোকৰাঝাৰত দুই ৰাজমিস্ত্ৰীৰ জঘন্য ঘটনা ৷ দৰিদ্ৰতাৰ সুযোগ লৈ কাম দিয়াৰ প্ৰলোভন দি দুগৰাকী যুৱতীৰ সতে বলপূৰ্বক যৌন সম্পৰ্ক কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ দুই ৰাজমিস্ত্ৰীয়ে হাজিৰা কাম দিম বুলি দুই যুৱতীক ডিব্ৰুগড়লৈ নি ১৫ টা দিন ধৰি যৌন নিৰ্যাতন কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷
লক্ষণীয়ভাৱে ইয়াৰে এগৰাকী নাবালিকা বুলি জানিব পৰা গৈছে। দুই যুৱতীক কোঠাত আৱদ্ধ কৰি যৌন নিৰ্যাতন কৰা দুই অভিযুক্ত ক্ৰমে কোকৰাঝাৰ জিলাৰ তাৰংগুৰী বল্লাপাৰাৰ মজিৎ আলী (৫৫) আৰু মাগুৰমাৰী চেঁচাপানীৰ সাকু শ্বেখ (৩৫)৷
বৃহস্পতিবাৰে বিয়লি বালাজান উপ আৰক্ষী চকীত ভুক্তভোগীয়ে দিয়া এজাহাৰ অনুসৰি দুই ৰাজমিস্ত্ৰী ক্ৰমে মজিৎ আলী আৰু সাকু শ্বেখে যুৱতী দুগৰাকীক ভাল হাজিৰা কাম দিব বুলি প্ৰথমে ডিব্ৰুগড়লৈ লৈ যায় । ডিব্ৰুগড়ত ১৫ দিন ৰাখি ভয়-ভাবুকিৰে যুৱতী দুগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলায় । ডিব্ৰুগড়ৰ পৰা দুই যুৱতী কোকৰাঝাৰলৈ অহাৰ পিচতো পুনৰ মজিৎ আলীৰ ঘৰত ৰাখি দুদিন ধৰি বলাৎকাৰ কৰে ।
এই অপকৰ্ম ফাদিল কৰিলে প্ৰাণে মৰাৰ ভাবুকি দি সকলো কথা গোপনে ৰখাৰ নিৰ্দেশ দিয়ে আৰু ঘৰলৈ পঠিয়াই দিয়ে। যুৱতী দুগৰাকী ঘৰলৈ যোৱাৰ পিচতে ইকাণ সিকাণ কৰি ঘটনাটো সৰ্বত্ৰে বিয়পি পৰে ৷ ইয়াৰ পিচতে ন্যায় বিচাৰি বালাজান আৰক্ষী চকীত দুই ভুক্তভোগী যুৱতী হাজিৰ হয় ।
যুৱতী দুগৰাকীৰ সৈতে আক্ৰাছু, বেংগলী ফেডাৰেচন, মহিলা সমিতি, হিন্দু সুৰক্ষা অসম আদি দল -সংগঠনৰ নেতৃবৰ্গ আৰু কৰ্মকৰ্তাও উপস্থিত হয় । ভুক্তভোগী যুৱতী দুগৰাকীয়ে অভিযুক্ত মজিৎ আলী আৰু সাকু শ্বেখৰ বিৰুদ্ধে বালাজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুই অভিযুক্ত ক্ৰমে মজিৎ আলী আৰু সাকু শ্বেখক বিচাৰি অভিযান চলায় যদিও দুয়ো সম্প্ৰতি পলাতক হৈ আছে ৷
ইপিনে আজি বালাজান আৰক্ষী চকীত উপস্থিত হৈ আক্ৰাছুৰ জিলা সহ-সম্পাদক বিশ্বজিৎ বৰ্মন, কোচ ৰাজবংশী মহিলা সমিতিৰ জিলা সভানেত্ৰী দ্বাদশী বৰ্মন, বেংগলী ফেডাৰেচনৰ ছালাকাটি আঞ্চলিক কমিটিৰ সম্পাদক বিশ্বজিৎ দেৱ নাথ আৰু হিন্দু জাগৰণ মঞ্চ অসমৰ দ্বীপচৰণ ৰবি দাসে এই অপকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰিছে । তদুপৰি মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈও দাবী জনাইছে কোচ ৰাজবংশী মহিলা সমিতিৰ জিলা সভানেত্ৰী দ্বাদশী বৰ্মনে।
লগতে পঢ়ক: Woman death : বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাঃ যৌতুকৰ বাবে হত্য়াৰ সন্দেহ পিতৃ পৰিয়ালৰ