কোকৰাঝাৰ, 9 মাৰ্চঃ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান ভূৱা নম্বৰৰ ট্ৰাক জব্দ ৷ লগতে অভিযানকালত আটক দুজনকৈ ব্যক্তি ৷
দেওবাৰে সন্দেহবশত WB-23-D-4478 নম্বৰৰ এখন বাৰ চকীয়া ট্ৰাক জব্দ কৰে গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীয়ে ৷ ট্ৰাকখন চালকক আৰক্ষীয়ে সোধপোছ কৰাৰ সময়ত বিসংগতি পোৱাৰ বাবেই ট্ৰাকৰ লগতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক থানালৈ লৈ আহে আৰক্ষীয়ে ৷ আৰক্ষী থানাত সোধপোছৰ লগতে ট্ৰাকখনৰ নথিপত্ৰ পৰীক্ষা কৰাৰ অন্তত ট্ৰাকখনত লগাই ৰখা নম্বৰ প্লেটখন ভূৱা বুলি প্ৰমানিত হয় ৷ যাৰ বাবে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে স্বপন দাস (৫২), চানু প্ৰসাদ (২৯)ক আটক কৰি তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে । ট্ৰাকখন চিমেন্ট বোজাই কৰি লংশিলঙৰ পৰা পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ ফালাকাটালৈ লৈ গৈ থকাৰ সময়ত শিমুলটাপু আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিতে অভিযান চলাই ট্ৰাকখনক কৰে জব্দ কৰে । চালকজনৰ ঘৰ উত্তৰ ২৪ পৰগনাৰ খৰদা থানাৰ অন্তৰ্গত বিবেকানন্দপল্লীত ৷
আৰু পঢ়কঃ খহনীয়াগ্ৰস্ত মাজুলীবাসীৰ হুমুনিয়াহবোৰ কোনে শুনিব !