কোকৰাঝাৰ, ১৮ মে': কোকৰাঝাৰৰ উল্টাপানীত জব্দ বৃহৎ পৰিমাণৰ কাঠ । সোমবাৰে বন বিভাগ আৰু এছ এছ বিয়ে কোকৰাঝাৰ জিলাৰ ৰেপু চিৰাং উল্টাপানী বনাঞ্চলৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ কাঠখিনি । জব্দ হোৱা চোৰাং কাঠৰ মূল্য প্ৰায় পাঁচ লাখ হ'ব বুলি জনাই কোকৰাঝাৰ বনবিভাগে ।
![কোকৰাঝাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-koj-timber-seizes-03-vis-rtu-7204384_18052020170738_1805f_1589801858_225.jpg)
চোৰাং কাঠসহ কাঠ কঢ়িওৱা তিনিখন ট্ৰেক্টৰ, এখন পালছাৰ বাইক জব্দ কৰে বন বিভাগে । গোপন সূত্ৰৰ ভিত্তিতে বন বিভাগ আৰু এছ এছ বিৰ বাহিনীয়ে যৌথভাবে অভিযান চলোৱাত মূল্যবান শাল গছ ভৰ্তি ট্ৰেক্টৰক জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ।
![কোকৰাঝাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-koj-timber-seizes-03-vis-rtu-7204384_18052020170738_1805f_1589801858_887.jpg)