কোকৰাঝাৰ, ৮ মে' : কোকৰাঝাৰত পুনৰাই সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা (Molestation in Kokrajhar) । কোকৰাঝাৰ সদৰ থানাৰ পৰা প্ৰায ১২ কিলোমিটাৰ নিলগৰ অঞ্চলৰ এখন গাঁৱৰ দুই নাবালিকাক তিনি নাবালকে বলপূৰ্বক জংঘল লৈ নি ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৷ প্ৰাপ্ত অভিযোগ মতে, নিকটৱৰ্তী গাঁৱৰে তিনি নাবালকে শুকুৰবাৰে বিয়লী ৫ মান বজাত দুই নাবালিকাক বলপূৰ্বকভাৱে ওচৰৰে জংঘল লৈ নিয়াৰ পিছত কিবা নিচা জাতীয় দ্ৰব্য খুৱাই দিয়ে আৰু যাৰ পৰিণতিতে নাবালিকা দুগৰাকী অচেতন হৈ পৰে ।
ওৰে নিশা নাবালিকাদ্বয় অচেতন হৈ জংঘলতে পৰি থাকে আৰু অচেতন অৱস্থাত নাবালিকা দুগৰাকীক তিনি নাবালকে ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Minor molestation in Kokrajhar) । ইপিনে, নাবালিকাদ্বয় ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে নিশা বিচাৰ-খোচৰ কৰে যদিও সন্ধান উলিওৱাত ব্যৰ্থ হয় । কিন্তু শনিবাৰে পুৱা নাবালিকাদ্বয়ক জংঘলৰ পৰা পৰিয়ালৰ লোকে উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ বিষয়ে অৱগত হয় ৷ ইয়াৰ পিছত দুয়োৰে পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপে ।
পৰিয়ালৰ লোকে শনিবাৰে নিশা কোকৰাঝাৰ সদৰ থানাত ঘটনা সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে ৷ উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ইতিমধ্যে তিনি অভিযুক্ত নাবালকক আটক কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ ঘটনাটোক লৈ সম্প্ৰতি কোকৰাঝাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : অসমৰ ডেকা লৰাৰ তেজৰ ফাকু বন্ধ হ'ব লাগে : মুখ্যমন্ত্রী