ETV Bharat / state

মৰনৈ বাগিছাত অসম চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 16, 2020, 8:22 PM IST

গোসাঁইগাঁৱৰ মৰনৈ বাগিছাত মজুৰি বৃদ্ধি আৰু ভূমিৰ পট্টা প্ৰদানৰ দাবীত অসম চাহ মজদুৰ সংঘৰ এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

Tea labourers protest at Kokrajhar
অসম চাহ মজদুৰ সংঘৰ মৰনৈ বাগিছাত উত্তাল প্ৰতিবাদ

কোকৰাঝাৰ, 16 ছেপ্তেম্বৰঃ বাগিছাখনত কৰ্মৰত হৈ থকা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিবলৈ বহু বছৰ ধৰি শ্ৰমিকসকলে মালিক পক্ষ তথা চৰকাৰক দাবী জনাই আহিছে । শ্ৰমিকৰ উক্ত দাবীৰ প্ৰতি মালিক পক্ষ আৰু ৰাজ্য চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ ফলত মৰনৈ বাগিচাত বুধবাৰে এঘণ্টীয়া অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে ।

উল্লেখযোগ্য যে, বুধবাৰে পুৱা মৰনৈ চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত শ্ৰমিকসকলে এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি ১৬৭ টকাৰ পৰা ৩৫১ টকালৈ শ্ৰমিকৰ মুজুৰি বৃদ্ধিৰ দাবী জনায় ৷ প্ৰতিবাদস্থলীত শ্ৰমিকসকলে বিজেপি চৰকাৰ হায় হায়, মালিক পক্ষ হায় হায়, মালিক পক্ষ মিছলীয়া, আমাৰ দৰমহা বৃদ্ধি কৰক আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে । ইপিনে উক্ত দাবী পূৰণ নকৰিলে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসম চাহ মজদুৰ সংঘই বিজেপিক উচিত প্ৰত্যুত্তৰ দিব বুলি সংঘৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ 'পথাৰ আমাৰ বজাৰ আমাৰ' ধাৰণাৰে এজন আদৰ্শ কৃষকৰ 30 বছৰীয়া যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.