ETV Bharat / state

কোকৰাঝাৰত কে এল অৰ শ্বহীদ দিৱস উদযাপন - বিদ্ৰোহী সংগঠন কে এল ওৰ শ্বহীদ দিৱস উদযাপন

বৃহস্পতিবাৰে কোকৰাঝাৰত কে এল অৰ 26 সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয় ৷ কোকৰাঝাৰৰ চন্দ্ৰপাৰাস্থিত বিজুলীবাৰীতো পোন প্ৰথমবাৰৰ বাবে এই দিৱসৰ উদযাপন কৰা হয় ৷

26 সংখ্যক শ্বহীদ দিৱস
কে এল ওৰ শ্বহীদ দিৱস উদযাপন
author img

By

Published : Dec 27, 2019, 9:47 AM IST

কোকৰাঝাৰ, 27 ডিচেম্বৰ : সাৰ্বভৌম কমতাপুৰ ৰাষ্ট্ৰৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰা কে এল অ' বিদ্ৰোহী গোটে বৃহস্পতিবাৰে সংগঠনটোৰ হকে আত্মবলিদান দি শ্বহীদ হোৱা বীৰসকলক ৰোমন্থন কৰি ২৬ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰে ৷ চৰকাৰৰ সৈতে শান্তি আলোচনাৰে সমাজৰ ঘাই সুঁতিত উভতি অহা প্ৰাক্তন কে এল অ' গোটৰ উমৈহতীয়া মঞ্চ 'প্ৰাক্তন কেএলঅ' সমন্বয়ৰক্ষী মৰ্চাই' পুৱাৰ ভাগত বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাস্থিত বিজুলীবাৰীত পোন প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰে ৷ এই উপলক্ষে বৃহস্পতিবাৰে পুৱা চন্দ্ৰপাৰাত সশস্ত্ৰ সংগঠনটোৰ পতাকা আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মালা অৰ্পণ কৰা হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰাক্তন কে এল অ' সমন্বয়ৰক্ষী মৰ্চাৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদক ক্ৰমে খগেন চন্দ্ৰ ৰায় আৰু হৰেশ্বৰ বৰ্মনে ৷

কে এল ওৰ শ্বহীদ দিৱস উদযাপন

এই অনুষ্ঠানতে সশস্ত্ৰ সংগ্ৰামত আত্মবলিদান দিয়া শ্বহীদ বীৰসকলৰ ত্যাগক সোঁৱৰণ কৰি শেহতীয়াকৈ অসম চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাক সামৰি গঠন কৰিবলগা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ ঘোষণাক সকলোৱে আদৰনি জনায় ৷ ইয়াৰোপৰি,অবিভক্ত গোৱালপাৰা জিলাৰ তাহানিৰ অন্যতম কোকৰাঝাৰ আৰু চিৰাং জিলা দুখন বিটিএডিত অন্তৰ্ভুক্ত হোৱাৰ পৰা বাদ পৰা আৰু প্ৰাক্তন কে এল ওই উক্ত দুই জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোককো স্বায়ত্ত শাসিত পৰিষদত সম মৰ্যদা প্ৰদানৰ দাবী তোলে ৷ প্ৰাক্তন কে এল অ'ৰ নেতাদ্বয়ে প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ প্ৰক্ৰিয়াত প্ৰাক্তন কে এল অ'ৰ নেতা সদস্যসকলকো সামৰি ল'বলৈ অচিৰে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহাৰ ইচ্ছা প্ৰকাশ কৰে ৷

শ্বহীদ দিৱসৰ দিনতে প্ৰাক্তন কে এল অ' সমন্বয়ৰক্ষী মৰ্চাই সাৰ্বভৌম কমতাপুৰ ৰাষ্ট্ৰৰ দাবীত অটব্য অৰণ্যত থাকি সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰখা সতীৰ্থ সংগ্ৰামী সকলকো চৰকাৰৰ সৈতে আলাপ-আলোচনাৰে সমস্যা সমাধানৰ বাবে আগবাঢ়ি অহাৰ মুকলি আহ্বান জনায় ৷ মৰ্চাৰ দুই নেতাদ্বয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰকো ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ মৰ্যাদাৰ দাবীক ৰূপায়ণ কৰাৰ প্ৰবল দাবী উত্থাপন কৰে ৷ প্ৰাক্তন কে এল অ'ৰ শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি কে এল অ'ৰ সাংগঠনিক পতাকা উত্তোলন কৰে খগেন চন্দ্ৰ ৰায় আৰু স্বগোষ্ঠীয় জাতীয় পতাকা উত্তোলন কৰে হৰেশ্বৰ বৰ্মনে ৷ আনহাতে,শ্বহীদ বেদীত মালা অপৰ্ণ কৰে কেন্দ্ৰীয় উপদেষ্টা বিমল ৰায় আৰু বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দয়াল বৰ্মনে ৷

বৃহস্পতিবাৰৰ অনুষ্ঠানত প্ৰাক্তন কে এল ও সমন্বয়ৰক্ষী মৰ্চাই সতীৰ্থ শ্বহীদ সমৰ ৰায়ৰ মাতৃ লিবেশ্বৰ ৰায়কো জাতীয় গামোচাৰে সম্বৰ্ধনা জনায় ৷ এই অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মৃদুল ৰায়,বিজুলীবাৰীৰ গাঁওবুঢ়া শ্বহীদ ৰায় আৰু অৰ্দ্ধ শতাধিক প্ৰাক্তন কে এল ও কেডাৰ,সমৰ্থক আৰু ৰাইজ ৷

আৰু পঢ়ক : স্বদেশ প্ৰেমৰ গীতেৰে "CAA" ৰ বিৰুদ্ধে শিল্পীৰ প্ৰতিবাদ

Intro: ৷৷ কোকৰাঝাৰত কে এল ওৰ শ্বহীদ দিৱস পালন ৷৷

৷৷ সশস্ত্ৰ সংগ্ৰামী কে এল ওৰ সতীৰ্থক চৰকাৰৰ সতে আলোচনাৰে মুলসুঁতিত ঘুঁৰি অহাৰ আহ্বান প্ৰাক্তন কেএলও সমন্বয়ৰহ্মী মৰ্চাৰ ৷৷

--------------------------কে এ চিক আঁদৰনি------------------------------------

৷৷ কোকৰাঝাৰ ২৬ ডিচে : সাৰ্বভৌম কমতাপুৰ ৰাষ্ট্ৰৰ দাৱীত সশস্ত্ৰ সংগ্ৰাম কৰা কে এল ও বিদ্ৰোহী গোটে আজি সংগঠনটোৰ হকে আত্মবলিদান দি শ্বহীদ হোৱা বীৰ সকলোক ৰোমহ্নন কৰি কেএলওৰ ২৬ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰে ৷
Body:প্ৰকাশ যে,চৰকাৰৰ সতে শান্তি আলোচনাৰে সমাজৰ ঘাই সুতিত উভতি অহা প্ৰাক্তন কেএল ও গোটৰ  উমৈহতীয়া মঞ্চ " প্ৰাক্তন কেএলও সমন্বয়ৰক্ষী মৰ্চাই" আজি পূৱা বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাস্থিত বিজুলীবাৰীত কে এল ওৰ ২৬ সংখ্যক শ্বহীদ দিৱস পোন প্ৰথমবাৰৰ বাৱে মুকলিকৈ উদযাপন কৰে ৷ এইউপলক্ষে আজি ৰাতিপূৱা চন্দ্ৰপাৰাত সশস্ত্ৰ সংগঠনটোৰ পতাকা আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যপৰ্নৰে শুভাৰম্ভ কৰা ২৬সংখ্যক শ্বহীদ দিৱসৰ থলীত প্ৰাক্তন কেএলও সমন্বয়ৰক্ষী মৰ্চাৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদক ক্ৰমে খগেন চন্দ্ৰ ৰায় আৰু হৰেশ্বৰ বৰ্মনে সশস্ত্ৰ সংগ্ৰামত আত্মবলিদান দিয়া শ্বহীদ বীৰ সকলৰ ত্যাগক সোঁৱৰন কৰি শেহতীয়াকৈ অসম চৰকাৰে অবিভক্ত গোৱালপাৰ জিলাক সাঁমৰি গঠন কৰিৱ লগা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ ঘোষঁনাক আঁদৰনি জনোৱাৰ লগতে অবিভক্ত গোৱালপাৰা জিলাৰ তাহানিৰ অন্যতম কোকৰাঝাৰ আৰু চিৰাং জিলা দুখন বিটিএডিত অন্তৰ্ভূক্তিৰে বাদ পৰাত প্ৰাক্তন কেএলওই উক্ত দুই জিলাৰ কোচৰাজবংশী জনগোষ্ঠীৰ লোককো স্বায়ত্ত শাসিত পৰিষদত সমমৰ্যদা প্ৰদানৰ দাৱী তোলে ৷ প্ৰাক্তন কেএলওৰ নেতাদ্বয়ে প্ৰস্তাবিত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ প্ৰক্ৰিয়াত প্ৰাক্তন কেএলওৰ নেতা সদস্য সকলকো সাঁমৰি লৱলৈ অচিৰে মুখ্যমন্ত্ৰীৰ সতে আলোচনাত বহাৰ ইচ্ছা প্ৰকাশ কৰে ৷আজিৰ  শ্বহীদ দিৱসৰ মহান দিনতে প্ৰাক্তন কে এল ও সমন্বয়ৰক্ষী মৰ্চাই সাৰ্বভৌম কমতাপুৰ ৰাষ্ট্ৰৰ দাৱীত এতিয়াও অটব্য অৰণ্যত থাকি সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰখা কে এল ওৰ সতীৰ্থ সংগ্ৰামী সকলকো চৰকাৰৰ সতে আলাপ আলোচনাৰে সমস্যা সমাধানৰ বাৱে আগবাঢ়ি অহাৰ মুকলি আহ্বান দিয়ে ৷ মৰ্চাৰ দুই নেতাদ্বয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰকো ভূমিপুত্ৰ কোচৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া জনজাতিকৰনৰ ময্যদাৰ দাৱীক ৰূপায়ন কৰাৰ প্ৰৱল দাৱী উৰ্থাপন কৰে ৷আজি প্ৰাক্তন কেএল ওৰ শ্বহীদ দিৱসৰ সতে সংগতি ৰাখি কেএলওৰ সাগংঠনিক পতাকাখন উত্তোলন কৰে প্ৰাক্তন কেএলও মৰ্চাৰ কেন্দ্ৰীয় সভাপতি খগেন চন্দ্ৰ ৰায় আৰু স্বগোষ্ঠীৰ জাতীয় পতাকা এখন উত্তোলন কৰে প্ৰাক্তন কেএল ও মৰ্চাৰ কেন্দ্ৰীয় সম্পাদক হৰেশ্বৰ বৰ্মনে আৰু শ্বহীদ বেদীত মাল্যপৰ্ন কৰে কেন্দ্ৰীয় উপদেষ্টা বিমল ৰায় আৰু বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দয়াল বৰ্মনে ৷ Conclusion:আজিৰ  অনুষ্ঠানত প্ৰাক্তন কেএলও সমন্বয়ৰক্ষী মৰ্চাই সতীৰ্থ শ্বহীদ সমৰ ৰায়ৰ মাতৃ লিবেশ্বৰ ৰায়কো জাতীয় গামোচাৰে সন্মৰ্ধনা জনোৱাৰ উপৰি অনুষ্ঠানত মৰ্চাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মৃদুল ৰায় ,বিজুলিবাৰী গাওৰ গাওবুঢ়া ছহিদ ৰায় আৰু অৰ্দ্ধশতাধিক প্ৰাক্তন কে এল ও কেডাৰ ,সমৰ্থক আৰু ৰাইজ উপস্থিত আছিল ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.