ETV Bharat / state

পৰীক্ষাৰ ফলাফল সন্দৰ্ভত দল-সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Jul 8, 2021, 1:15 PM IST

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল প্ৰতিবেদনৰ ৪ আৰু ৫ নং দফা বাতিল কৰাৰ দাবীত কোকৰাঝাৰ সদৰ চহৰত বুধবাৰে কেইবাটাও ছাত্ৰ সংগঠনে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । শীঘ্ৰে ৫ নং দফা সম্পূৰ্ণেৰূপে বাতিল কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷

Students Unions Protest Against Govt At Kokrajhar
পৰীক্ষাৰ ৫ নং দফা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ ছাত্ৰ সংগঠনৰ

কোকৰাঝাৰ, 8 জুলাই : হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দাখিল কৰা প্ৰতিবেদনৰ ৪ আৰু ৫ নং দফা বিৰোধিতাৰে বুধবাৰে কোকৰাঝাৰ সদৰ চহৰত কেবাটাও ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন প্লে-কাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন কৰে । কোকৰাঝাৰ চহৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কাষত ক'ভিড প্ৰট'কল মানি সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু আন কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

চৰকাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফলৰ প্ৰতিবেদনক লৈ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে এই প্ৰতিবেদনৰ বিৰুদ্ধে গৰজি উঠিছে ৷ প্ৰতিবেদনখন বাতিল কৰাৰ লগতে পুনৰ বিবেচনা কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও চৰকাৰক আহ্বান জনাইছে যদিও এতিয়ালৈ কোনো ধৰণৰ সঁহাৰি পোৱা নাই শিক্ষাৰ্থীসকলে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবেদনখনৰ ৪ আৰু ৫ নম্বৰ দফাৰ বিৰোধিতা কৰি অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কোকৰাঝাৰতো চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কাৰ্য়সূচী ৰূপায়ণ কৰে ।

বিক্ষোভ কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰা সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ৫ নং দফা সম্পূৰ্ণে ৰূপে বাতিল কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৪ নং দফা পুনৰ বিবেচনা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ।

৪ নং দফা অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ফলাফলক লৈ সন্তুষ্ট নহ'লে পুনৰ পৰীক্ষাত বহিব পাৰিব বুলি কোৱা কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে ৷ ইফালে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা মাৰ্কশ্বীট সকলো চাকৰিৰ বাবে গ্ৰহণযোগ্য হ'ব লাগিব বুলি দাবী কৰিছে প্ৰতিবাদকাৰীসকলে । চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক মানসিক নিৰ্যাতন দি আছে বুলি অভিযোগ কৰি ছাত্ৰনেতা অৰবিন্দ নাথে ছাত্ৰ-ছাত্ৰীক সকাহমুক্ত পৰিৱেশ দিবৰ বাবে দাবী উত্থাপন কৰিছে । সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ৫ নং দফা সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিবেদনখনৰ ৪ নং দফা পুনৰ বিবেচনা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ।

লগতে পঢ়ক- ৪০ লাখ টকাৰ ড্ৰাগছসহ আটক তিনিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.