গোসাইগাঁও, ১১ জুনঃ কোকৰাঝাৰৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত মঙলবাৰে বিয়লি চিপ লৈ আত্মহত্যা এগৰাকী মহিলাৰ । নিজ গৃহতেই আত্মহত্যা কৰে শ্ৰীৰামপুৰ পাইপ লাইন নিবাসী প্ৰকাশ ৰায়ৰ পত্নী তথা দুটা সন্তানৰ মাতৃ কাজলি ৰায়ে ৷
উল্লেখ্য যে মহিলাগৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ৷ ইতিমধ্যে শিমুলটাপু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷