কোকৰাঝাৰত,21জুলাইঃ সোমবাৰে কোকৰাঝাৰ জিলাৰ ছিম্বৰগাঁৱত সংঘটিত হয় শোকাৱহ ঘটনা ৷ ছিম্বৰগাঁও নিৱাসী হোপনা মাৰ্ডীৰ পত্নী ৰাণী হাসদা(৫০)ৰ সৰ্পদংশনৰ ফলত মৃত্যু হয় । ঘটনা অনুসৰি সন্ধিয়া সময়ত ধূপ-ধূনা জ্বলাই পূজা-পাঠ কৰিবৰ বাবে ধূপদানি আনিবলৈ যাওঁতেই হাতত বিষাক্ত ফেঁটী সাপে দংশন কৰাৰ ফলত কিছু সময়ৰ পিছতেই ৰাণী হাসদাৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ঘটনাটি সংঘটিত হোৱাৰ পিছতেই গাঁওৱাসীয়ে বিষাক্ত সাপটো বিচাৰি মাৰি পেলাবলৈ সক্ষম হয় । ইপিনে ৰাণী হাসদাৰ এই অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে, ৰাণী হাসদাই স্বামী , দুগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায় ৷
লগতে পঢ়কঃ নিশা বানপীড়িতৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে