ETV Bharat / state

কোকৰাঝাৰত পাচলি খেতিত ব্যস্ত ছয়জন শিক্ষিত যুৱক - কোকৰাঝাৰ

কোকৰাঝাৰত ছয়জন শিক্ষিত যুৱকে জৈৱিক পদ্ধতিৰে কৰিছে 5 বিঘা মাটিত শাক-পাচলি খেতি ৷ ইতিমধ্যে যুৱক কেইজনে কৰা উৎপাদিত শাক-পাচলি ক্ৰয় কৰিছে জিলা খনৰ বহু পাচলি ব্যৱসায়ীয়ে ৷

Six Youth organic farming vegetable crops At Kokrajhar
কোকৰাঝাৰত পাচলি খেতিত ব্যস্ত ছয়জন শিক্ষিত যুৱক
author img

By

Published : Jun 13, 2020, 8:39 PM IST

কোকৰাঝাৰ, 13 জুনঃ কোকৰাঝাৰত শাক-পাচলি খেতি কৰি স্বাৱলম্বীতাৰ আদৰ্শ দাঙি ধৰিলে ছয়জন শিক্ষিত যুৱকে ৷ ইতিমধ্যে বহু পাচলি ব্যৱসায়ীসকলে যুৱক কেইজনৰ পৰা ক্ৰয় কৰিবলৈ সক্ষম হৈছে বিভিন্ন শাক- পাচলি ৷

কোকৰাঝাৰত পাচলি খেতিত ব্যস্ত ছয়জন শিক্ষিত যুৱক

বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতেই স্বাৱলম্বিতাৰ এক অন্যতম নিদৰ্শন দাঙি ধৰিছে কোকৰাঝাৰ চহৰৰ অন্তৰ্গত চন্দ্ৰপাৰা বিজুলিবাৰী গাঁৱৰ শিক্ষিত ছয়জন যুৱকে ৷ লক ডাউনৰ সময়ছোৱাতে বিজুলীবাৰী গাঁৱৰ গনক ৰায়,ধৰ্মজিৎ ৰায়,ৰাতুল ৰায়,হেমেন ৰায়,চানু ৰায় আৰু ৰাজেশ্বৰ ৰায়ে উক্ত গাঁও খনৰ শুভকাংখীৰ পৰা পৰিত্যক্ত পাচঁ বিঘাকৈ মাটিত জৈৱিক সাৰ প্ৰয়োগ কৰি জিকা,ভোল,লেছেৰা,কেৰেলা,পানী লাউ,জলকীয়া আৰু তিয়ঁহৰ খেতি কৰে ৷ দুই /তিনিমাহতেই যুৱক কেইজনৰ নেৰানেপেৰা প্ৰচেষ্টাত লহপহকৈ বাঢ়ি আহে পাচলিৰ খেতি সমুহ ৷

ইতিমধ্যে পাচলি সমুহত ভোল-জিকা ভেন্দি আদি সকলো পাচলি উৎপাদন হোৱাত যুৱক কেউজনৰ পৰা কোকৰাঝাৰৰ পাচলি ব্যৱসায়ী সকলৰ লগতে স্থানীয় ৰাইজে যুৱক কেইজনৰ পৰা ক্ৰয় কৰি আহিছে বিভিন্ন উৎপাদিত শাক- পাচলি ৷ ইতিমধ্যে বিজুলিবাৰীত শাক-পাচলি খেতিৰে স্বাৱলম্বীতাৰ এই আদৰ্শক অঞ্চলতোৰ ৰাইজে ভুষসী প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জনাইছে শিক্ষিত যুৱক কেইজনক ৷ লগতে শিক্ষিত যুৱক কেইজনে সকলো যুৱক-যুৱতিক ঘৰতেই বহি নাথাকি শাক-পাচলি খেতিৰ লগতে ব্যৱসায়-বানিজ্য কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক- বৈধ অনুজ্ঞাপত্ৰ অবিহনে চলাব নোৱাৰিব পদপথৰ ব্যৱসায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.