ETV Bharat / state

কোকৰাঝাৰ বিজেপিত খহনীয়া, একেদিনাই ২৫০ৰো অধিক বিজেপি নেতা-কৰ্মীৰ বিপিএফত যোগদান

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 8:50 PM IST

আগন্তুক লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে ব্যাপক তৎপৰতা গ্ৰহণ কৰাৰ সময়তে বিটিআৰত দলত খহনীয়া আৰম্ভ হৈছে ! বিজেপিৰ জিলা পৰ্যায়ৰ কেইবাগৰাকী শীৰ্ষ নেতাসহ ২৪৭ গৰাকী নেতা-কৰ্মীৰ বিপিএফত যোগদান । বিজেপিৰ লগতে ইউপিপিএল, কংগ্ৰেছ আৰু আন দলৰ কৰ্মীসকলেও বিপিএফত যোগদান কৰে ।

BPF joining
২৫০ৰো অধিক বিজেপি নেতা-কৰ্মীৰ বিপিএফত যোগদান

কোকৰাঝাৰ, ২৩ নৱেম্বৰ : বিটিআৰ মিত্ৰজোঁট চৰকাৰত ব্যাপক খহনীয়া আৰম্ভ ! মিত্ৰজোঁটৰ অংশ বিজেপি আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ (ইউপিপিএল) প্ৰায় ৫০০ কৰ্মীয়ে বড়োলেণ্ড পিপলছ ফ্ৰণ্টত (বিপিএফ) যোগদান কৰে । কোকৰাঝাৰ বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজকুমাৰ ব্ৰহ্মকে ধৰি আন কেইবাগৰাকী জ্যেষ্ঠ নেতাই বিজেপি দল ত্যাগ কৰি বিপিএফত যোগদান কৰাৰ পাছতে বৃহস্পতিবাৰে কেৱল কোকৰাঝাৰ জিলাৰে ২০ গৰাকীৰো অধিক জিলা, বুথ আৰু মণ্ডল পৰ্যায়ৰ নেতাই বিজেপি ত্যাগ কৰি বিপিএফ দলত যোগদান কৰে ।

কোকৰাঝাৰৰ বিপিএফ দলৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে আয়োজন কৰা এই যোগদান অনুষ্ঠানৰ । কোকৰাঝাৰ বিজেপিৰ জিলা সম্পাদিকা ক্ৰমে জেচমিন ব্ৰহ্ম, সুবৰ্ণ বৰুৱা, কোকৰাঝাৰ বিজেপি মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা দিপালী ব্ৰহ্মৰ লগতে আন বহুকেইগৰাকী নেতাই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ।

জানিব পৰা মতে এই যোগদান কাৰ্যসূচীত ইউপিপিএল, বিজেপি, কংগ্ৰেছ আদিকে ধৰি আন দলৰ ৪৯৩ গৰাকী কৰ্মী-সমৰ্থকে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে । জানিব পৰা মতে তেওঁলোকৰ ভিতৰত ২৪৭ গৰাকী বিজেপিৰ, ১৮৬ গৰাকী ইউপিপিএল দলৰ আৰু বাকীখিনি কংগ্ৰেছ আৰু অন্যান্য দলৰ ।

বিজেপিৰ গুৰুত্বপূৰ্ণ পদ ত্যাগ কৰি সুবৰ্ণ বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে সৰু মানুহক, সৰু কাৰ্যকৰ্তাক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে । তেওঁ উল্লেখ কৰা মতে পূৰ্বে কোকৰাঝাৰত বাহিৰৰ মানুহে সোণ বুটলিবলৈ আহিছিল ৷ কিন্তু আজিকালি কোকৰাঝাৰৰ মানুহে জীৱিকাৰ সন্ধানত বাহিৰলৈ কাম কৰিব যাব লগা হৈছে । বিটিআৰৰ কাৰ্যবাহী সদস্য তথা বিজেপিৰ নেতা অৰূপ কুমাৰ দে' ওৰফে চম্পককো তেওঁ তীব্ৰ সমালোচনা কৰে ।

ইফালে যোগদান কাৰ্যসূচীত উপস্থিত থকা বিটিআৰৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী তথা বিপিএফৰ উপ-সভাপতি খাম্পা বৰগয়াৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিত গৰাখহনীয়া আৰম্ভ হৈছে । ৰাইজে উপলব্ধি কৰিছে যে ইউপিপিএল-বিজেপিৰ দ্বাৰা একো কাম নহ'ব । বিপিএফৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িছে বুলিও তেওঁ দাবী কৰে । খাম্পা বৰগয়াৰীৰ মতে বিজেপিৰ শংকা বৃদ্ধি পাইছে । সেয়ে বিটিআৰ এলেকাত ৫ জনকৈ কেবিনেট মন্ত্ৰী, ১৪ গৰাকীকৈ বিধায়কে কাম কৰি আছে ।

উল্লেখ্য যে শুকুৰবাৰে কোকৰাঝাৰ বিটিআৰ সচিবালয়ৰ সমীপৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ'ব বিজেপিৰ বিশাল গণ সমাৱেশ । তাৰ প্ৰাকক্ষণত ২৪৭ গৰাকীকৈ বিজেপিৰ নেতা-কৰ্মীয়ে দলত্যাগ কৰাৰ লগে লগে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিপিএফৰ মুখ্য কাৰ্যালয়ত আয়োজিত এই যোগদান কাৰ্যসূচীত বিপিএফৰ প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিটিআৰ বিধান পৰিষদৰ বিৰোধী দলপতি তথা বিপিএফৰ জিলা সভাপতি দেৰহাছাৎ বসুমতাৰীও উপস্থিত থাকে ।

লগতে পঢ়ক :এ পি এছ চি দুৰ্নীতি : বক্ৰ পথেৰে চাকৰি লোৱা ৩৫ ৰাজপত্ৰিত বিষয়াৰ‌ বিৰুদ্ধে এছ আই টিৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.